গুৱাহাটী : গুৱাহাটীত আবকাৰী বিভাগৰ অভিযান। কামৰূপ মহানগৰ আবকাৰী বিভাগে গুৱাহাটীত চলালে চুলাই বিৰোধী অভিযান। গুৱাহাটীৰ বিভিন্ন প্ৰান্তত চলা এই অভিযানত কেইবাজনো লোক গ্ৰেপ্তাৰ।
গুৱাহাটী মহানগৰীত চুলাইৰ বিৰুদ্ধে অধিক কঠোৰ হৈ উঠিছে আবকাৰী বিভাগ। মহানগৰীৰ বিভিন্ন প্ৰান্তত কামৰূপ মহানগৰ আবকাৰী বিভাগে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে।
যোৱা ১৪ নৱেম্বৰত কামৰূপ মহানগৰ আবকাৰী বিভাগে মহানগৰীৰ চান্দমাৰী, নাৰাংগী আৰু পানীখাইটিত চুলাই বিৰোধী অভিযান চলাইছিল। অভিযানকালত ৩০ লিটাৰ চুলাই আৰু ৮০ কেজি চলাই প্ৰস্তুত কৰা সামগ্ৰী বিনষ্ট কৰিছিল।
চান্দমাৰী, নাৰাংগী আৰু পানীখাইটিত অভিযান চলাই আবকাৰী বিভাগে চুলাইৰ অবৈধ বেহাৰ লগত জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছিল। আবকাৰী বিভাগে ধৃত তিনিজনৰ ওপৰত জৰমিনাও আৰোপ কৰিছিল।
১৫ নৱেম্বৰত কামৰূপ মহানগৰ আবকাৰী বিভাগৰ অভিযান চলিছিল ফটাশিল আমবাৰীত। এই অভিযানত এজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ১০ লিটাৰ চুলাই বিনষ্ট কৰিছিল আবকাৰী বিভাগে।
লগতে পঢ়ক : আজাৰাত চলন্ত গাড়ীত অগ্নিকাণ্ড
আনহাতে ১৬ নৱেম্বৰত চুলাইৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান চলিছিল পাণ্ড অঞ্চলত। পাণ্ডুৰ বিভিন্ন অঞ্চলত চলা এই চুলাই বিৰোধী অভিযানত বিনষ্ট কৰা হৈছিল ৪০ লিটাৰ চুলাই। পাণ্ডু অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল দুজনক।