আমিনগাঁও : এইবাৰ ধাবাত চলিল আবকাৰী বিভাগৰ সুৰা বিৰোধী অভিযান। আমিনগাঁৱৰ পৰা চাংসাৰিলৈ ৰাজপথৰ কাষত থকা ধাবা সমূহত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলালে আবকাৰী বিভাগে। ৰাজহুৱা স্থানত সুৰা পান কৰি থকা দুজন লোকক জৰিমনা।

মঙলবাৰে কামৰূপ জিলাৰ চাংসাৰি মণ্ডলৰ আবকাৰী পৰিদৰ্শক নৰেন দাসৰ নেতৃত্বত আমিনগাঁৱৰ পৰা চাংসাৰিলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ধাবাসমূহত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলোৱা হয়। এই অভিযানৰ সময়ত অনুমতি নথকাকৈ ৰাজহুৱা স্থানত বিলাতী সুৰা পান কৰি থকাৰ বাবে আবকাৰী সংশোধনী আইন-২০১৮ৰ ৬১ (বি)এ ধাৰাৰ অধীনত দুজন লোকক জৰিমনা বিহা হয়।

লগতে পঢ়ক :  আজিৰ পৰা ৭ দশকৰ পূৰ্বে অলিম্পিকত ভাৰতক নেতৃত্ব দিছিল এইগৰাকী অসম সন্তানে

ইয়াৰ সমান্তৰালে আবকাৰী বিভাগে কামৰূপ জিলাৰ বিভিন্ন অঞ্চলত চুলাই মদৰ বিৰুদ্ধেও অভিযান চলায়। কামৰূপৰ চাংসাৰি, চিলা, কৰৈবাড়ী আৰু কালিবাড়ী অঞ্চলত আবকাৰী বিভাগে অভিযান চলাই প্ৰায় ৫৬ লিটাৰ চুলাই মদ আৰু ২৬৫ কিলোগ্ৰাম চুলাই মদ বনোৱা ‘পাচ’ ধ্বংস কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply