পলাশবাৰী : কামৰূপ জিলাত চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগে অভিযান অধিক তীব্রতৰ কৰি তুলিছে। জিলাখনৰ বিভিন্ন ঠাইত আবকাৰী বিভাগে অভিযান চলাই ইতিমধ্যে বৃহৎ পৰিমাণৰ চুলাই মদ আৰু মদ বনোৱা পাচ ধ্বংস কৰিছে। বুধবাৰে আবকাৰী বিভাগৰ চুলাই মদ বিৰোধী অভিযান চলে পলাশবাৰীত।
আবকাৰী বিভাগে বিজয়নগৰ আৰক্ষী চকীৰ সহযোগত পলাশবাৰীৰ নতুন কাৰীপাৰাত অভিযান চলাই বৃহৎ পৰিমাণৰ চুলাই মদৰ লগতে চুলাই মদ বনোৱা পাচ আৰু সামগ্ৰী ধ্বংস কৰে। আবকাৰী বিভাগে অঞ্চলটোত চলাই মদৰ বেহাৰ লগত জড়িত প্ৰতিজন ব্যক্তিৰ ঘৰত অভিযান চলায়।
উল্লেখ্য যে সোমবাৰে আবকাৰী বিভাগে জিলাখনৰ কমলপুৰৰ ককেৰীয়া, ডিগুনপাৰ, লেজা অঞ্চলত অবকাৰী বিভাগে অভিযান চলাই প্ৰায় ১,৬০০ লিটাৰ চুলাই মদ আৰু ১২,০০০ কিলোগ্ৰাম মদ বনোৱা পাচ ধ্বংস কৰিছিল। ৯ জুলাইত ধোপাতাৰী বজাৰ, মলং, আঠীয়াবৈ, বনমাজা অঞ্চলত অভিযান চলাই প্ৰায় ১১০ লিটাৰ চুলাই মদ আৰু ৮৩০ কিলোগ্ৰাম মদ বনোৱা পাচ ধ্বংস কৰিছিল আবকাৰী বিভাগে৷
লগতে পঢ়ক : মহানগৰী চন্দ্ৰপুৰত আৰক্ষীৰ লাঠীচালনাত আহত প্ৰতিবাদকাৰী
ইয়াৰ উপৰি যোৱা ৮ জুলাই তাৰিখে বিলাতী সুৰাৰ বেহাৰ লগত জড়িত দুজন ব্যক্তিক আবকাৰী বিভাগে গ্ৰেপ্তাৰ কৰিছিল। কামৰূপ জিলাৰ বিভিন্ন ঠাইত আবকাৰী বিভাগৰ চুলাই মদ বিৰোধী অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে আবকাৰী বিভাগে।