আমিনগাঁও : কামৰূপ জিলাত চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান অব্যাহত আছে। আবকাৰী বিভাগে চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই গ্ৰেপ্তাৰ কৰা দুজন লোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ লগতে ১১৩ লিটাৰ চুলাই মদ জব্দ আৰু ২,২০০ কিলোগ্ৰাম মদ বনোৱা পাচ ধ্বংস কৰিছে।
চুলাই মদৰ বেহা সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে কামৰূপ জিলাৰ বিভিন্ন ঠাইত আবকাৰী বিভাগে অভিযান অব্যাহত ৰাখিছে। ইয়াৰে অংশ ৰূপে যোৱা ২৮ জুলাইৰ পৰা আজিলৈকে এই তিনিদিনত আমিনগাঁও বজাৰ এলেকাৰ ২৬ নং কলনি, লঠীয়া বাগিচা আৰু বংশৰ অঞ্চলত অভিযান চলাই চুলাই মদৰ বেহাৰ লগত জড়িত থকা দুজন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোক দুজনৰ বিৰুদ্ধে আবকাৰী (সংশোধনী) আইন-২০১৮ ৰ ৫৩ (১)ক ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।
লগতে পঢ়ক : নিয়োগ বাৰ্তা : ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিৰকৰণত নিযুক্তি মুকলি
ইফালে এই অভিযানত আবকাৰী বিভাগে প্ৰায় ১১৩ লিটাৰ চুলাই মদ আৰু ২,২০০ কিলোগ্ৰাম মদ বনোৱা পাচ ধ্বংস কৰে। উল্লেখ্য যে সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাত আবকাৰী বিভাগ চুলাই মদৰ অবৈধ বেহাৰ বিৰুদ্ধে অধিক কঠোৰ হোৱা পৰিলক্ষিত হৈছে। জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই আবকাৰী বিভাগে ইতিমধ্যে বৃহৎ পৰিমাণৰ চুলাই মদ জব্দ কৰাৰ লগতে চুলাই বনোৱা পাচ ধ্বংস কৰিছে।