কোকৰাঝাৰ : পুনৰ উৎকোচলৈ গ্ৰেপ্তাৰ চৰকাৰী বিষয়া। কোকৰাঝাৰত উৎকোচলৈ আবকাৰী বিভাগৰ অধীক্ষক গ্ৰেপ্তাৰ। দুৰ্নীতি নিবাৰক শাখাই জাল পেলাই গ্ৰেপ্তাৰ কৰে আবকাৰী বিভাগৰ অধীক্ষক হিমানজ্যোতি বৰাক।

কোকৰাঝাৰৰ এগৰাকী ব্যৱসায়ীৰ পৰা মাহেকীয়াভিত্তিত ২৫ হাজাৰ টকা দাবী কৰিছিল আবকাৰী বিভাগৰ অধীক্ষক হিমানজ্যোতি বৰাই।ব্যৱসায়ীগৰাকীয়ে এই সন্দৰ্ভত দুৰ্নীতি নিবাৰক শাখাক অৱগত কৰাত দুৰ্নীতি নিবাৰক শাখাই জাল পেলাই শুকুৰবাৰে সন্ধিয়াৰ সময়ত আবকাৰী বিভাগৰ অধীক্ষক হিমানজ্যোতি বৰাক গ্ৰেপ্তাৰ কৰে।

গুৱাহাটীৰ পৰা অহা দুৰ্নীতি নিবাৰক শাখাৰ ১৪ জনীয়া দল এটাই কোকৰাঝাৰৰ আবকাৰী অধীক্ষক হিমানজ্যোতি বৰাক উৎকোচ লোৱা অৱস্থাত হাতে লোটে গ্ৰেপ্তাৰ কৰে। আবকাৰী অধীক্ষক হিমানজ্যোতি বৰাই ধন দাবী কৰা ব্যৱসায়ীগৰাকীয়ে পূৰ্বে নিৰ্ধাৰিত সময় মতে কোকৰাঝাৰ চেণ্ট্ৰেল বেংকৰ পিছফালে থকা হিমানজ্যোতি বৰাৰ ভাড়াঘৰত উপস্থিত হয় আৰু দাবী কৰা উৎকোচৰ ২৫ হাজাৰ টকা আগবঢ়ায়।

লগতে পঢ়ক : আন্তঃৰাষ্ট্ৰীয় জলমাৰ্গৰ সপোন দেখুওৱা ৰাজ্য চৰকাৰে ৰাজ্যিক জল পৰিবহনৰ ব্যবস্থা কেতিয়া ভাল কৰিব

হিমানজ্যোতি বৰাই উৎকোচৰ টকাখিনি গ্ৰহণ কৰাৰ লগে লগে দুৰ্নীতি নিবাৰক শাখাৰ অতিৰিক্তি আৰক্ষী অধীক্ষক কৰুণা বৰদলৈৰ নেৰ্তৃত্বত অহা দলটোৱে হিমানজ্যোতি বৰাক হাতে লোটে গ্ৰেপ্তাৰ কৰে। ঘটনা সন্দৰ্ভত অভিযানকাৰী দলটোৱে কোনোধৰণৰ বক্তব্য প্ৰকাশ কৰা নাই আৰু তদন্ত অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply