সোণাৰি: চৰাইদেউ জিলাৰ আবকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে আজি এক অভিযান চলায়। সোণাৰি আবকাৰী চক্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু জিলাখনৰ আবকাৰী অভিযানকাৰী দলে সোণাৰিৰ সমীপৱৰ্ত্তী বাঁহবাৰী গাঁও, সন্দিকৈ চুবুৰী, পুৰণি জবকা আদি অঞ্চলত সোণাৰী আৰক্ষীৰ সহযোগত চলায় এই অভিযান।

অভিযানকালত দলটোৱে কেইবাটাও স্থানত অসাধু চুলাই মদৰ ব্যৱসায়ীয়ে পাতি লোৱা চুলাইৰ ঘাটি উচ্ছেদ কৰাৰ লগতে প্ৰায় ৩২০ লিটাৰ চুলাই মদ তৈয়াৰৰ বাবে ৰখা পাছ, ৬ টা সুৰা তৈয়াৰত ব্যৱহৃত যন্ত্ৰ জব্দ কৰাৰ লগতে ২০ লিটাৰ চুলাই মদ আৰু প্ৰায় ৬০ কেজি লাউপানীৰ পাছ জব্দ কৰি নষ্ট কৰে।

অভিযানকাৰী দল যোৱাৰ উমান পাই অবৈধ সুৰাৰ ব্যৱসায়ীসকল পলাই সাৰিবলৈ সক্ষম হয়। অভিযানৰ কালচোৱাত মুঠ ৭টা গোচৰ ৰুজু কৰা হয় বুলি চৰাইদেউ জিলাৰ আবকাৰী সূত্ৰই জানিবলৈ দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply