ওৰাং : অবৈধ সুৰাৰ উৎপাদন, বিক্ৰী আৰু চোৰাং সৰবৰাহ ৰোধ কৰাৰ বাবে ফলপ্ৰসূ অভিযান নিয়মীয়া কৰিবলৈ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই দৰং জিলাৰ আবকাৰী বিষয়াসকলক নিৰ্দেশ দিয়ে। সোমবাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কনফাৰেন্স হলত আবকাৰী বিষয়াসকলৰ সৈতে অনুষ্ঠিত হোৱা এক পৰ্যালোচনা সভাত, মন্ত্ৰী পৰিমল শুক্লবৈদ্যই সকলো বিষয়াক এই সামাজিক ব্যাধিৰ বিৰুদ্ধে অব্যাহত অভিযানক তীব্ৰতৰ কৰিবলৈ নিৰ্দ্দেশ দিয়ে।

তেওঁ কয় যে জিলা আৰু মহকুমা পৰ্যায়ত প্ৰশাসন, পুলিচ আৰু আবকাৰী বিভাগে উমৈহতীয়াকৈ শক্তিশালী পদক্ষেপ ল’ব লাগিব। অবৈধ সুৰাৰ চোৰাং সৰবৰাহ, বিক্ৰী আৰু অবৈধ ডিষ্টিলেচন সমূলি নিৰ্মূল কৰিবলৈ দলসমূহে যৌথভাৱে কাম কৰিব লাগিব বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।

অবৈধ সুৰাৰ বিক্ৰী ৰোধ কৰিবলৈ অনাগত দিনসমূহত বিশেষ তালাচী অভিযান চলোৱাৰ প্ৰয়োজন আছে বুলিও কয় মন্ত্ৰী গৰাকীয়ে। তেওঁ আবকাৰী বিষয়াসকলক অবৈধ সুৰাৰ বেপাৰ নিৰ্মূল কৰাৰ বাবে নিয়মিত তালাচী অভিযান চলোৱাৰ লগতে বিভিন্ন উৎসৰ পৰা এই ক্ষেত্ৰত পৰামৰ্শ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

আবকাৰী বিষয়াসকলে মন্ত্ৰীক অবগত কৰে যে বিগত তিনিমাহৰ আবকাৰী আইন অনুযায়ী চোৰাং বেপাৰী আৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে বহুকেইখন এফ আই আৰ দাখিল কৰা হৈছে। পৰিমল শুক্লবৈদ্যই বিভাগক পূৰ্বধাৰ্য টাৰ্গেটত উপনীত হোৱাৰ বাবে ৰাজহ সংগ্ৰহ বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে।

লগতে পঢ়ক : ৰাজ্য চৰকাৰে ঘোষণা কৰিলে নতুন SOP

বিভাগীয় বিষয়াসকলে বৰ্তমান খালী হৈ থকা দুজন পৰিদৰ্শকৰ পদত পুনৰাই নিযুক্তি দিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। বিধায়ক, গণেশ লিম্বু, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস সভাত উপস্থিত সকলৰ ভিতৰত অন্যতম আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply