মানকাচৰ : অসম-মেঘালয় সীমান্তত জব্দ বৃহৎ পৰিমাণৰ বিস্ফোৰক। আৰক্ষীৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ বিস্ফোৰক। ইতিমধ্যে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অসম-মেঘালয় সীমান্তত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ বিস্ফোৰক জব্দ কৰে। আৰক্ষীয়ে ১৬ টা জিলেটিনেকি ষ্টিক, ১৯ টা টাইম ফিউছ ৰ’ল, electrinic detonator ১৫০ টা ইলেক্ট্রিক ডিতনেটাৰ আৰু ৪৮ টা ন’ন ইলেক্ট্রিক ডিতনেটাৰ জব্দ কৰে।
ঘটনা সংক্ৰান্তত আৰক্ষীয়ে ইজাজুল মিঞা আৰু আজিজুল ৰহমান নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে তেওঁলোকৰ ঘৰৰ পৰা জব্দ কৰিছে বিস্ফোৰকখিনি।
লগতে পঢ়ক : মাজুলীৰ ভিন্ন প্ৰান্তত আছুৰ খহনীয়া পৰিদৰ্শন
ইফালে ঘটনা সংক্রান্তত আৰক্ষীয়ে তদন্ত চলাই মানকাচৰৰ সুখচৰত ৰফিকুল ইছলাম নামৰ আৰু এজন লোকক গ্ৰেপ্তাৰ কৰিছে। ৰফিকুল ইছলামৰ পিতৃ বক্কাৰ এই ঘটনাৰ লগত জড়িত বুলি জানিব পৰা গৈছে। বৰ্তমানেও আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।