জামুগুৰিহাটঃ শোণিতপুৰৰ চাৰিদুৱাৰৰ অঞ্চলৰপৰা আজিৰেপৰা হায়দৰাবাদলৈ ৰপ্তানী হৈছে থলুৱা নেমু, কঁঠাল আৰু আনাৰস ।

চাৰিদুৱাৰৰ নৱমিলন এগ্ৰ প্ৰডিউছাৰ কোম্পানী লিমিটেডৰ উদ্যোগত চাৰিদুৱাৰৰ সোণাই পামৰপৰা কোম্পানীটোৰ তত্বাৱধানত কৰা নেমু ৪০০ টা, গাৰোগাঁৱৰ কঁঠাল ২৫ টা আৰু ফুপগুৰি নিচিগাঁৱৰপৰা আনাৰস ২০০ টা হায়দৰাবাদলৈ পৰীক্ষামূলকভাৱে ৰপ্তানি কাৰ্যসূচী চাৰিদুৱাৰৰ ননকে বাকোলাত শুভাৰম্ভ কৰে শোণিতপুৰ জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে।

লগতে পঢ়কঃখহনীয়াৰ ফলত দিকবিদিক হেৰুৱাইছে শোণিতপুৰ জিলাৰ তেলীয়াগাঁৱৰ ৰাইজে

লগতে, কোম্পানীটোৱে তেওঁলোকৰ তত্বাৱধানত ১১ বিধ বিভিন্ন প্ৰকাৰৰ ধানৰ খেতিও পৰ্যবেক্ষণমূলকভাৱে কৰিছে।

উল্লেখ্য যে, এনেধৰণৰ পদক্ষেপত জিলা কৃষি বিভাগে বিশেষ সহযোগিতা আগবঢ়াইছে। এই কাৰ্যসূচীত চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ লগতে জিলা কৃষি বিভাগৰ বিষয়ববীয়া, কৃষক উপস্থিত থাকে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply