নিউজ ডেস্কঃ গণতন্ত্ৰ দিৱসৰ দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বড়োলেণ্ডৰ বাসীৰ বাবে কৰিলে ঐতিহাসিক ঘোষণা । ২০২০ চনৰ স্বাক্ষৰিত বিটিআৰ চুক্তি অনুসৰি গহপুৰলৈ সীমা সম্প্ৰসাৰণৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

মুখ্যমন্ত্ৰী গৰাকীয়ে খানাপাৰাত অনুষ্ঠিত গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত ভাষণ প্ৰদান কৰি কয় যে, “ঢেকীয়াজুলি, চতিয়া, বিশ্বনাথ, বিহালী, গহপুৰত ৮০ শতাংশতকৈও বেছি বড়ো লোক বাস কৰা ৪৩ খন ৰাজহ গাওঁ আৰু ১৭ খন বনগাঁও বিটিআৰ ৰ লগত সন্নিবিষ্ট কৰাৰ সিদ্ধান্ত আমি আজি প্ৰৱিত্ৰ দিনত ঘোষণা কৰিলোঁ ” ।

ইফালে সংবাদ মাধ্যমৰ আগত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ প্ৰদান কৰি কয় যে, আজি আমি সকলো আনন্দিত আৰু এইয়া দীঘলীয়া বড়ো সংগ্ৰামৰ এক ঐতিহাসিক ন্যায়।

এবছুৰ সভাপতি দীপেন বড়োও সংবাদ মাধ্যমৰ আগত আনন্দিত প্ৰকাশ কৰি জনাই যে, আজি ১৯৮৯ চনত শ্বহীদ হোৱা ৫৩৪ জন বড়োলোকৰ সপোন পূৰণ হ’ল । লগতে বিটিআৰ চুক্তি আৰু এখোজ আগবাঢ়িল বুলি নেতা গৰাকীয়ে কয়।

উল্লেখ্যযোগ্য যে, বড়োবাসী আনন্দিত হ’লেও কিন্তু গহপুৰবাসীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰবাৰ বিবেচনা কৰি চাবলৈ অনুৰোধ জনাইছে বিটিআৰ লগত সন্নিবিষ্ট কৰা বিষয়টো।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply