যোৰহাটঃ হঠাৎ আজি দিনৰ প্ৰায় ১বাজি ৩০মিনিটত অহা প্ৰচণ্ড ধুমুহাত ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰৰ বিস্তৰ ক্ষতিসাধন হয়। নামঘৰৰ চৌহদত ভাগি পৰিল দুডালকৈ প্ৰকাণ্ড বৰগছ। কথমপি প্ৰাণ ৰক্ষা পৰিল শিৱসাগৰৰ এটি পৰিয়ালৰ। গছজোপাৰ তলতেই তেওঁলোকৰ গাড়ীখন ৰখাই থোৱা আছিল। গছ পৰি গাড়ীখনৰ ক্ষয়-ক্ষতি হৈছে যদিও পৰিয়ালটো কোনো মতে ৰক্ষা পৰে।

ধুমুহাৰ ফলত নামঘৰ প্ৰাংগনৰ বৈদ্যুতিক খুটা ভাঙি পৰে। লগতে এন আৰ এলৰ ফালৰ পৰা দান কৰা প্ৰায় সাত লাখ টকাৰ বিশুদ্ধ পানীৰ আঁচনি ভাঙি চুৰমাৰ হৈ যায়। প্ৰচণ্ড ধুমুহাত আনুমানিক প্ৰায় ২০-৩০ লাখ টকাৰ ক্ষতিসাধন হৈছে বুলি জানিব পৰা গৈছে। অতি সোনকালে বৈদ্যুতিক সেৱাৰ লগতে ক্ষয়ক্ষতি হোৱা বিশুদ্ধ পানীৰ আঁচনিখন মেৰামতি কৰিবলৈ চৰকাৰক আহ্বান জনাইছে নামঘৰ কৰ্তৃপক্ষই।

লগতে পঢ়কঃমহানগৰীৰ বৰবাৰীত উন্মত্ত যুৱকৰ দাৰ ঘাপত হাত চিঙি গ’ল দুজনৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply