নিউজ ডেস্ক : সলনি হ’ল ফে’চবুকৰ নাম। বিগত কিছুদিন ধৰি জনপ্ৰিয় সামাজিক মাধ্যমটোৰ নাম পৰিৱৰ্তন কৰাৰ বিষয়ে চৰ্চা চলি থকাৰ অন্তত প্ৰতিষ্ঠানটোৰ নতুন নাম ঘোষণা কৰা হয়।

বৃহস্পতিবাৰে মাৰ্ক জুকাৰবাৰ্গে ঘোষণা কৰা মতে ফে’চবুকৰ নতুন নাম হৈছে Meta। অৱশ্যে ফে’চবুকে নিজৰ প্ৰতিষ্ঠানটোৰ নামহে সলনি কৰিছে, প্ৰতিষ্ঠানটোৰ অধীনত থকা এপসমূহৰ নাম একেই থাকিব।

২০০৪ চনত আৰম্ভ হোৱা মাৰ্ক জুকাৰবাৰ্গ মালিকাধীন ফে’চবুক (বৰ্তমান Meta) -এ পিছত ইনষ্টাগ্ৰাম, হোৱাটছএপ আদিক ক্ৰয় কৰি সামাজিক মাধ্যমৰ জগতখনত নিজৰ একাধিপত্য বিস্তাৰ কৰে।

কিয় সলনি কৰা হ’ল ফে’চবুকৰ নাম?

পূৰ্বৰ তুলনাত প্ৰতিষ্ঠানটোৰ কামৰ পৰিসৰ বৃদ্ধি পোৱাৰ ফলত ফে’চবুক নামটোৱে এতিয়া প্ৰতিষ্ঠানটোক সম্পূৰ্ণৰূপে প্ৰতিনিধিত্ব নকৰাৰ বাবেই নাম সলনি কৰাৰ সিদ্ধান্ত লোৱা হয় বুলি জুকাৰবাৰ্গে জানিবলৈ দিয়ে।

‘আজিৰ দিনত আমাক সকলোৱে এটা ছ’চিয়েল মিডিয়া কোম্পানী হিচাপে গণ্য কৰে, কিন্তু আমাৰ DNA-ত আমি হৈছো এনে এটা প্ৰতিষ্ঠান যি মানুহৰ সংযোগ স্থাপনৰ প্ৰযুক্তি তৈয়াৰ কৰে,’ জুকাৰবাৰ্গে কয়।

তেওঁৰ মতে যিদৰে স্মাৰ্টফোনসমূহে ডেক্সটপ কম্পিউটাৰ বিলাকৰ স্থান অধিকাৰ কৰিলে ঠিক সেইদৰে অনাগত দিনত মেটাভাৰ্ছ (metaverse)-এ মানুহৰ মাজত যোগাযোগৰ স্থান অধিকাৰ কৰিব।

কিয় Meta নাম ৰখা হ’ল?

ক্লাছিকছৰ অনুৰাগী জুকাৰবাৰ্গৰ মতে ‘meta’ শব্দটো গ্ৰীক শব্দ ‘beyond'(সীমাৰ বাহিৰত)-ৰ পৰা আহিছে। গ্ৰীক শব্দ ‘beyond’ৰ পৰা ‘meta’ শব্দটো আহিছে। এই শব্দটো নিৰ্বাচন কৰাৰ কাৰণ হৈছে আমি আৰু বহুত কিবা সৃষ্টি কৰিবলৈ বাকী আছে। আমাৰ যাত্ৰাৰ বহু নতুন পথ বাকী-এই ধাৰণাৰ পৰাই হৈছে নতুন নামকৰণ।’

ফে’চবুকে ইয়াৰ প্ৰতীক চিহ্ন সলনি কৰিছে নেকি?

হয়, প্ৰতিষ্ঠানটোৱে কেলিফোৰ্নিয়াৰ মেনলো পাৰ্কত থকা ইয়াৰ মুখ্য কাৰ্য্যালয়ত নতুন প্ৰতীক চিহ্ন মুকলি কৰে।

metaverse-ৰ বাবে কিমান নতুনকৈ কিমান কৰ্মচাৰী নিয়োগ কৰা হ’ব?

Metaverse-ৰ বাবে ফে’চবুকে এটা নতুন টীম তৈয়াৰ কৰিছে। প্ৰতিষ্ঠানটোৱে জনোৱা মতে অহা ৫ বছৰৰ ভিতৰত তেওঁলোকে ১০,০০০ গৰাকীতকৈ অধিক কৰ্মচাৰী নিয়োগ কৰাৰ পৰিকল্পনা কৰিছে।

লগতে পঢ়ক : নিয়োগ বাৰ্তা : আমিনগাঁৱৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত চাকৰি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply