নিউজ ডেস্ক: ব্যাপক হাৰত কমিবলৈ ধৰিছে অন্যতম জনপ্ৰিয় সামাজিক মাধ্যমৰ প্লেটফ’ৰ্ম ফে’চবুক (facebook) ব্যৱহাৰকাৰীৰ সংখ্যা। ফে’চবুকৰ ১৭ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে এইদৰে ব্যৱহাৰকাৰীৰ সংখ্যা কমা দেখিবলৈ পোৱা গৈছে।
স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গে মূল কোম্পানিটোক ফে’চবুকৰ পৰা মেটা (Meta) লৈ সলনি কৰাৰ পিছত এইদৰে ফে’চবুকৰ user base খহা দেখা গৈছে। বুধবাৰে মেটাই প্ৰকাশ কৰা কোৱাৰ্টাৰ্লি ৰিপ’ৰ্টত প্ৰকাশ পোৱা মতে ২০২১ বৰ্ষৰ শেষৰ তিনিমাহত পূৰ্বৰ কোৱাৰ্টাৰৰ তুলনাত ফে’চবুকে প্ৰায় আধা নিযুত (৫ লাখ) গ্ল’বেল ডেইলি ইউজাৰ হেৰোৱাইছে।
ফে’চবুকৰ বৰ্তমান থকা ব্যৱহাৰকাৰীৰ সংখ্যা (১.৯৩ বিলিয়ন)ৰ হিচাপত এইয়া যথেষ্ট কম যদিও কোম্পানীটোৰ ইতিহাসত প্ৰথমবাৰলৈ ব্যৱহাৰকাৰীৰ সংখ্যা ইমান তললৈ নামিছে। ইয়াৰ পৰিৱৰ্তে অৱশ্যে মেটাৰ অধীনৰ ইন্সটেন্ট মেছেজিং এপ WhatsApp আৰু Instagram ৰ ব্যৱহাৰকাৰীৰ সংখ্যা কমা নাই।
The Verge -ত প্ৰকাশ পোৱা মতে বিজ্ঞাপনৰ জৰিয়তে ফে’চবুকে আটাইতকৈ বেছি উপাৰ্জন কৰা উত্তৰ আমেৰিকাতে দৈনিক ব্যৱহাৰকাৰীৰ সংখ্যা আটাইতকৈ বেছি (প্ৰায় ১ নিযুত) কমিছে।
লগতে পঢ়ক – IREL (India) লিমিটেডত চাকৰি; ২,৮০,০০০ টকা পৰ্য্যন্ত দৰমহা