লখিমপুৰৰ পৰা পল্লব মিলি: লখিমপুৰত নকল সোণৰ বেপাৰে এতিয়া চানি ধৰিছে। নিতৌ জিলাখনৰ নতুন নতুন অঞ্চলত এই ব্যবসায়ে ভয়াবহ ৰূপ লোৱাৰ পিছতো প্ৰশাসনৰ যেন একো কৰণীয় নাই ।
শেহতীয়াকৈ জিলা খনৰ নাওবৈচাৰ লালুকত নকল সোণৰ মূৰ্তি সহ দুজনক আটক কৰে স্থানীয় ৰাইজে। আটকাধীন নকল সোণ সৰবৰাহকাৰী দুজন ক্ৰমে ইদ্রিছ আলী আৰু ফাৰুক আব্দুল্লাহ।
দুয়োৰে ঘৰ লখিমপুৰ জিলাৰ নাওবৈচাৰ লালুক থানাৰ অধীনস্থ ধৰ্ম্মপুৰত।
জানিব পৰা মতে নাওবৈচাৰ লালুক পুখুৰীপৰীয়াত এই দুই নকল সোণ সৰবৰাহকাৰীয়ে মিছা প্ৰলোভন দি কাৰোবাৰ ওচৰত বিক্ৰী কৰাৰ যো জা চলাই থকাৰ সময়ত স্থানীয় লোকে সন্দেহ বশত আটক কৰাত দুয়োৰে পৰা নকল সোণৰ মূৰ্তি ওলায়।
তাৰ উমান পাই সোণ কিনিবলৈ অহা লোকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে। উক্ত ঘটনা সন্দৰ্ভত আটকাধীন দুই সৰবৰাহকাৰীক স্থানীয় ৰাইজে লালুক আৰক্ষীক চমজাই দিয়ে। আৰক্ষীয়ে ইয়াৰ তদন্ত অব্যাহত ৰাখিছে।