প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন শেহতীয়া ফটোক কেন্দ্ৰ কৰি যোৱা কিছুদিন ধৰি সামাজিক মাধ্যমত বিশেষ চৰ্চা চলা দেখা গৈছে। ফটোখনত মোদীক লেন্স কভাৰ লাগি থকা এটা কেমেৰাৰ view finder-ৰ মাজেৰে চাই থকা অৱস্থাত দেখা গৈছে।
কংগ্ৰেছ দলৰ একাংশ নেতা আৰু সংগঠনে ফটোখন শ্বেয়াৰ কৰি লেন্স বন্ধ থকা কেমেৰাৰে নামিবিয়াৰ পৰা অনা চিতাবাঘৰ ফটো তুলিছিল বুলি মোদীক কটাক্ষ কৰিছিল।
মহাৰাষ্ট্ৰ কংগ্ৰেছ সেৱা দল, ঈশিতা চিধা, বীৰেন্দ্ৰ চৌধুৰী আদি কংগ্ৰেছ নেতাই ভাইৰেল ফটোখন টুইটাৰত শ্বেয়াৰ কৰা দেখা যায়।

Archived লিংকৰ বাবে ইয়াত,ইয়াত আৰু ইয়াত ক্লিক কৰক।
ফেক্ট-চেক:
ফটোখন ভালদৰে চোৱাত আমি কেইটামান বিসংগতি দেখিবলৈ পাওঁ। মোদীয়ে হাতত লৈ থকা কেমেৰাটো Nikon ব্ৰেণ্ডৰ হোৱাৰ বিপৰীতে লেন্সখনত লাগি থকা কভাৰখন হৈছে Canon ব্ৰেণ্ডৰ। তদুপৰি কভাৰখনত থকা আখৰ কেইটা চিধাকৈ দেখা গৈছে যদিও ‘Nikon’ শব্দটো ওলোটাকৈ দেখা গৈছে।

উক্ত বিসংগতি কেইটাত সন্দেহ উপজাত আমি উপযুক্ত keyword-ৰ সহায়ত গুগল চাৰ্চ কৰি যোৱা ১৭ ছেপ্টেম্বৰত The New Indian Express-ত প্ৰকাশিত এই বাতৰিটো লাভ কৰো।
বাতৰিটোত ভাইৰেল ছবিখনৰ প্ৰকৃত ফটোখন দিয়া হৈছে, কিন্তু ভাইৰেল ফটোখন দেখাৰ দৰে ইয়াত কেমেৰাৰ লেন্সত কভাৰ লাগি থকা নাই।

ইয়াৰ উপৰি আমি যোৱা ১৭ জানুৱাৰিত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী স্মৃতি ইৰানীয়ে টুইটাৰত শ্বেয়াৰ কৰা এটা ভিডিঅ’ লাভ কৰো। ভিডিঅ’টোত প্ৰধান মন্ত্ৰীক Nikon কেমেৰাটোৰে ফটো তুলি থকা দেখা যায়। অৱশ্যে ইয়াতো লেন্সত কভাৰ লাগি থকা নাছিল।
গুজৰাট বিজেপি অফিচিয়েল টুইটাৰ হেণ্ডেলতো ১৭ ছেপ্টেম্বৰৰ দিনা মোদীয়ে চিতাবাঘৰ ফটো তুলি থকা কেইখনমান ছবি শ্বেয়াৰ কৰা হৈছিল। উক্ত ফটো কেইখনতো লেন্সত কভাৰ লাগি থকা দেখা নাযায়।
গতিকে আমি এই কথা নিশ্চিতভাৱে ক’ব পাৰো যে ভাইৰেল ফটোখন এখন মৰ্ফড ফটো; প্ৰকৃত ফটোখনত মোদীয়ে ফটো তুলি থকা কেমেৰাৰ লেন্সত কভাৰ লাগি থকা নাই।
লগতে পঢ়ক – মুম্বাই চিটি এফ চিক পৰাস্ত কৰি প্ৰথমবাৰলৈ ডুৰাণ্ড কাপ অৰ্জন বেংগালুৰু এফ চিৰ