দোকানী আনোৱাৰ হুছেইন

ডবকা: হোজাই জিলাৰ নীলবাগানত সুলভমূল্যৰ চাউল কলা বজাৰত বিক্ৰিৰ অভিযোগ ।
হোজাই জিলাৰ নীলবাগান সমবায় সমিতিৰ অন্তৰ্গত সদৰ গাওঁৰ আনোৱাৰ হুছেইন নামৰ সুলভ মূল্যৰ দোকানী জনৰ বিৰুদ্ধে উঠিছে এই অভিযোগ ।
নিশাৰ ভাগত অবৈধ ভাবে সুলভ মূল্যৰ চাউল বিক্রি কৰাৰ অভিযোগ উত্থাপন হৈছে।এই অভিযোগ উঠাৰ পিছতেই ঘটনাস্থলীত মোৰাজাৰ আৰক্ষী উপস্থিত হৈ উক্ত চাউল জব্দ কৰে।

স্থানীয় ৰাইজৰ দুটা গোট এটা গোটৰ মতে দোকানীজনে নিশাৰ ভাগত অবৈধ ভাবে সুলভ মূল্যৰ চাউল বিক্ৰী কৰি আহিছে | তেনেদৰে চাউল লৈ যোৱা দুজন ব্যক্তিৰ সন্ধান তেওলোকে আৰক্ষীক দিছে ।

আনহাতে স্থানীয় আন এচাম লোকৰ মতে আনোৱাৰ হুছেইনৰ সুলভ মূল্যৰ দোকানত মোৰাজাৰ আৰক্ষী উপস্থিত হৈ সকলো নথি পত্ৰ পৰীক্ষা কৰি চাউল বিতৰণ কৰাৰ অনুমতি প্ৰদান কৰে।

এই সমগ্র ঘটনা আৰু সুলভ মুল্যৰ দোকানী আনোৱাৰ হুছেইনৰ বক্তব্য তেওৰ বিৰুদ্ধে এচাম গাওবাসীয়ে ষড়যন্ত্ৰ ৰচনা কৰিছে । গোটেই ঘটনাটো এতিয়া আৰক্ষীয়ে তদন্ত কৰিছে ।
আৰক্ষীৰ তদন্তত পোহৰলৈ কি আহে সেয়া সময়ৰ অপেক্ষাত।

লগতে পঢ়ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান  কৰ্তৃপক্ষক আৰণ্যকে প্ৰদান কৰিলে ৬ খন মটৰ চাইকেল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply