Fake currency seized
ফটো ইষ্টম'জ'

সোমবাৰে আৰক্ষীয়ে ডিব্ৰুগড় জিলাৰ চাবুৱাত ২৬ লাখতকৈ অধিক পৰিমাণৰ নকল টকা জব্দ কৰাৰ লগতে তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ কৰাৰ সকলৰ ভিতৰত এগৰাকী মহিলাও আছে।

আটকাধীন লোককেইজনক তিনিচুকীয়াৰ স্বৰ্ণলতা চক্ৰবৰ্তী, বৰডুমচাৰ উৎপল শইকীয়া আৰু খোৱাঙৰ বিপুল গোহাঁই বুলি চিনাক্ত কৰা হৈছে।

ঘটনা সম্পৰ্কত চাবুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া টুলুমণি দুৱৰাই ইষ্টম’জ’ক জনাই যে এক বিশষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত আৰক্ষীয়ে তিনিচুকীয়াৰ পৰা আহি থকা এখন বাছ আৰু এছন বাইকত তালাচী চলাই ২.৩৪ লাখ টকা জব্দ কৰে।

‘লোক কেইজনৰ পৰা জব্দ কৰা টকাখিনি আছিল ২০০ আৰু ৫০০ টকীয়া নোট।‘ তেওঁ কয়।

আৰক্ষীয়ে ধৃত লোককেইজনে ব্যৱহাৰ কৰা বাইকখন জব্দ কৰে।

আৰক্ষীৰ জেৰাত অভিযুক্ত কেইজনে মৰাণৰ এটা ভাড়া ঘৰৰ পৰা তেওঁলোকে এই অবৈধ ব্যৱহায় চলাই থকাৰ কথা স্বীকাৰ কৰে।

আৰক্ষীয়ে পিছত উক্ত ঘৰটোত তালাচী চলাই প্ৰায় ২৪ লাখ টকাৰ ৫০০ টকীয়া নোট জব্দ কৰে। ঘৰটোৰ পৰা আৰক্ষীয়ে এটা নকল নোট ছপা কৰা এটা ছপা মেচিনো জব্দ কৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে জনায়।

আনহাতে মূল অভিযুক্ত বিপুল গোহাঁইৰ সৈতে ভাড়া ঘৰটোত একেলগে থকা আন এগৰাকী অভিযুক্ত বৰ্তমান পলাতক হৈ আছে বুলি উল্লেখ কৰি তেওঁক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব বুলি আৰক্ষী বিষয়া গৰাকীয়ে মন্তব্য কৰে।

ঘটনা সম্পৰ্কত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি তেওঁ কয়।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও এবাৰ বিপুল গোহাঁই নকল টকা বনোৱা গোচৰত গ্ৰেপ্তাৰ হৈছিল। ২০১২ চনত ডুমডুমাত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।  

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply