কলিয়াব : কলিয়াবৰ মহকুমাৰ অন্তৰ্গত চুলুং আৰক্ষীয়ে বুধবাৰে এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই বিলাসী গাড়ীত নকল টকা সৰবৰাহ কৰা ৭ জন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ বিগত বহু বছৰ ধৰি নকল টকা ছপা কৰি ঠগবাজী কৰি আহিছিল ধৃত ৭ জনে।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰৰ বিভিন্ন স্থানতো নকল টকাৰে সৰ্ব সাধাৰণ ৰাইজক ঠগি আহিছিল এই ৭ দুৰ্বৃত্তই। নকল টকাৰে হুবহু সঁচা টকা ছপা কৰা বুলি এটা কাঠৰ ইলেক্ট্ৰনিক মেচিন ৰূপ দি নকল টকাক সঁচা পইচা ৰূপ দি প্ৰৱঞ্চনাৰ জাল পেলাইছিল ধৃত ৭ জনে।
লগতে পঢ়ক : মহানগৰীত খাদ্য সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণত ৰখাৰ উদ্দেশ্যে বিশেষ টাস্ক ফ’ৰ্চ গঠন
গোপন খবৰৰ ভিত্তিত চুলুং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল দেৱনাথৰ একক প্ৰচেষ্টাত বৰঘূলী¸ হাতীবন্ধাৰ লগতে লক্ষীমপুৰৰ পৰা নকল টকাৰ ব্যৱসায়ৰ সৈতে জড়িত ধৃত ৭ জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত কেইজন ক্ৰমে আকবৰ আলী, নাচিৰউদ্দিন, চাহিদ আলী, সুৰুয আলী, ফৰিদুল আলম, ইজ্জত আলী বুলি জানিব পৰা গৈছে।