সোণাৰি : পুনৰ চাহ বাগিচাৰ চিকিৎসালয়ৰ পৰা আটক ভুৱা চিকিৎসক। এইবাৰ সোণাৰিৰ নাফুক চাহ বাগিচাৰ চিকিৎসালয়ৰ পৰা আটক ভুৱা চিকিৎসক। দীর্ঘদিন ধৰি ভুৱা চিকিৎসকজনে সোণাৰিৰ নাফুক চাহ বাগিচাৰ চিকিৎসালয়ত আগবঢ়াই আছিল চিকিৎসা সেৱা।

চৰাইদেউ জিলাৰ সোণাৰিত মঙলবাৰে আটক হয় এজন ভুৱা চিকিৎসক। ভুৱা চিকিৎসকজনে দীৰ্ঘদিন ধৰি সোণাৰিৰ নাফুক চাহ বাগিচাত চিকিৎসা সেৱা আগবঢ়াই আছিল। গুৱাহাটীৰ এজন চিকিৎসকে ই–মেইলযোগে দিয়া এজাহাৰৰ ভিত্তিত সোণাৰি আৰক্ষীয়ে আটক কৰে ভুৱা চিকিৎসকজনক৷ আটকাধীন ভুৱা চিকিৎসকজনৰ নাম গকুল বৰুৱা।

আৰক্ষীয়ে এজাহাৰকাৰীৰ এজাহাৰৰ ভিত্তিত চিকিৎসকজনৰ নথি–পত্ৰ আৰু অসম চিকিৎসা পঞ্জীয়ন পৰিষদৰ ৰেকৰ্ড প্ৰমাণিত কৰাৰ পিছত তেওঁৰ পঞ্জীয়ন নম্বৰ জাল প্ৰমাণিত হয় আৰু সকলো প্ৰমাণপত্ৰ ভুৱা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে। আনহাতে যিটো পঞ্জীয়ন নম্বৰ ব্যৱহাৰ কৰি গকুল বৰুৱা চিকিৎসা সেৱা আগবঢ়াই আছিল সেই পঞ্জীয়ন নম্বৰ প্ৰকৃততে অসম চিকিৎসা মহাবিদ্যালয়ৰ এজন জ্যেষ্ঠ চিকিৎসকৰ বুলি জানিব পৰা গৈছে।

লগতে পঢক : অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

আৰক্ষীয়ে ইতিমধ্যে অসম চিকিৎসা পৰিষদ আইন ১৯৯৯-ৰ ১৪৭/২১/ ইউ/৪২০/৩৬৮/৪৭১/৩৩৬ আইপিচি আৰ/ডাব্লিউ’ৰ অধীনত চিকিৎসকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply