গুৱাহাটী: দিছপুৰ আৰক্ষীৰ জালত আজি ধৰা পৰিল নকল সোণ চক্ৰ। দিছপুৰ মানবেন্দ্ৰ কমপ্লেক্সৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰে ফৰিদুল ইছলাম নামৰ এজন যুৱকক। লখিমপুৰ জিলাৰ নাওবৈচাৰ পৰা নকল সোন বিক্ৰীৰ বাবে আহিছিল গুৱাহাটীলৈ ।
এমাহ পূৰ্বে সোণখিনি বিক্ৰী কৰিছিল ফৰিদুল আৰু বাদশ্বাহ নামৰ দুজন যুবকে। এই যুবক দুজনে গোসাঁইগাওঁৰ আজিজুৰ ৰহমান আৰু চাজন শ্বেখ নামৰ দুজনক প্ৰলোভন দি বিক্ৰী কৰিছিল নকল সোনখিনি ।
৪০ হাজাৰ টকা আৰু দুটা ম’বাইলৰ বিনিময়ত বিক্ৰীৰ বাবে বন্দোৱস্ত কৰিছিল চক্ৰটোৱে ।
শুকুৰবাৰে পুণৰ ধন নিবলৈ আহি আৰক্ষীৰ জালত পৰিল ফৰিদুল নামৰ যুবক জন।
লাষ্টগেটৰ এখন হোটেলত লুকাই থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে ফৰিদুলক।
নকল সোনৰ সৈতে জড়িত আনজন যুবক বাদশ্বাহ বৰ্তমানো পলাতক বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
লগতে পঢ়ক – বোকাখাতত শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত কৃষকক তৎকালীন ক্ষতিপূৰণৰ দাবী কৃষকসভাৰ