গুৱাহাটীঃ উত্তৰ গুৱাহাটীত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ নকল সোণ। এক গোপন খবৰৰ ভিত্তিত, কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আচিফ আহমেদৰ সহযোগত গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিলীপ নাথ নাৰায়ণ আৰু উপ-পৰিদৰ্শক উপানন্দ কলিতাৰ নেতৃত্বত উত্তৰ গুৱাহাটী আৰক্ষীৰ এটা দলে এক অভিযান চলাইছিল।

আৰক্ষীয়ে তালাচী অভিযান চলাই এএছ ০৭ ইউ ৫৫২৫ নম্বৰৰ এখন হুণ্ডাই গাড়ীৰ পৰা এই নকল সোণখিনি জব্দ কৰে। আৰক্ষীয়ে জব্দ কৰে নকল সোণেৰে নিৰ্মিত এখন সৰু সোণৰ নাওৰ লগতে চাৰিটা সৰু যীচুৰ মূৰ্তি । জব্দ কৰা সামগ্ৰীবোৰৰ ওজন প্ৰায় দুই কিলোগ্ৰাম আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ইফালে, আৰক্ষীয়ে নকল সোণৰ চোৰাং ব্যৱসায় আৰু বিক্ৰী কৰাৰ অভিযোগত দুজন যুৱককো গ্ৰেপ্তাৰ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply