তেজপুৰ: শোণিতপুৰ আৰক্ষীৰ সীমান্ত শাখাৰ উপ অধীক্ষক সুধৈন্য শুক্লবৈদ্যৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে তেজপুৰ সদৰ থানাৰ অধীনৰ শালনীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত চলাগাও চিটা বস্তিত নকল টকা বনোৱা মেচিনসহ দুজন যুবকক গ্ৰেপ্তাৰ কৰিছে।
অঞ্চলটোৰ উত্তম হাজৰিকাৰ ঘৰৰ পৰা নকল টকা প্ৰিন্ট কৰা এটা প্ৰিন্টাৰসহ এফালে পাঁচশ টকা প্ৰিন্ট কৰা বিশখন নোট আৰু প্ৰিন্টাৰৰ ভিতৰত থকা এটা চাইড প্ৰিন্ট হোৱা চাৰিখন পাঁচশ টকীয়া নোট জব্দ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত হজৰত আলি আৰু সুৰজ আলি নামৰ দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আনহাতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ লগে লগে ঘৰৰ গৰাকী উত্তম হাজৰিকাসহ আন তিনিজন পলায়ন কৰে ।
ইফালে অভিযানকাৰী আৰক্ষীৰ দলটোৱে ঘটনা স্থলীৰ পৰা চাৰিখন বাইক উদ্ধাৰ কৰি নিজৰ জিম্মালৈ নিছে। আনহাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সুৰজ আলি আৰু হজৰত আলি চাৰিদুৱাৰ আৰক্ষী চকীৰ অন্তৰ্গত গুডামঘাটৰ জমিল আলিৰ পুত্ৰ বুলি চিনাক্ত কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।