মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত পাটাকাটা বজাৰত দেওবাৰে আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীয়ে এক অভিযান চলাই জাল নোট জব্দ কৰে। আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ অভিযানত জাল নোটৰ সৰবৰাহৰ লগত জড়িত এজন সৰবৰাহকাৰীও আৰক্ষীৰ জালত পৰে। দক্ষিণ শালমাৰা থানাৰ আৰক্ষীৰ উপ-পৰিদৰ্শক দিপালী বৰ্মনৰ নেতৃত্বত আৰক্ষীৰ দল এটাই স্থানীয় পাটাকাটা গাঁওৰক্ষীৰ সম্পাদকৰ সহযোগত সপ্তাহিক বজাৰত অভিযান চলায়।
আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ এই অভিযান চলি থকাৰ মাজতে সপ্তাহিক বজাৰখনত যুৱক এজনে মছলা কিনিবলৈ আহি দোকানী এজনক জাল নোট দি সামগ্ৰী ক্ৰয় কৰি দোকানখনৰ পৰা আঁতৰি যায়। কিন্তু টকাটো জাল নোট বুলি দোকানীজনৰ সন্ধেহ হোৱাত নাকা চেকিং কৰি থকা আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীক লগে লগে অৱগত কৰে। ফলত আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীয়ে যুৱক জনক আটক কৰি তেওঁৰ পৰা নগদ ৫ হেজাৰ ভাৰতীয় টকাৰ জাল নোট জব্দ কৰে।
৫০০ টকীয়া মুঠ ১০ টা জাল নোট আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰি যুৱক জনক গ্ৰেপ্তাৰ কৰিছে। ধৃত যুৱক জনক ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত মছলাবাৰী গাঁৱৰ জামাল উদ্দীনৰ পুত্ৰ আজিবৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে। ঘটনাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। কেনেকৈ আৰু কৰ পৰা যুৱকজন জাল নোটখিনি আনিছিল সেয়া এতিয়ালৈ স্পষ্ট হোৱা নাই যদিও আৰক্ষীৰ তদন্তৰ পাছত সকলো পোহৰলৈ অহাৰ সম্বাবনা আছে।
লগতে পঢ়ক : বিধায়ক আদৰ্শ গাঁৱৰ প্ৰৱেশ দুৱাৰৰ আধাৰশিলা স্থাপনৰ কাম মুকলি
উল্লেখ্য যে দক্ষিণ শালমাৰা-মানকাচৰ আৰু ধুবুৰী জিলা ভাৰত বাংলাদেশ সীমান্ত থকাৰ সুযোগ লৈ এটা দুষ্ট চক্ৰই বাংলাদেশৰ পৰা ভাৰতলৈ ভাৰতীয় টকাৰ জাল নোট সৰবৰাহ কৰে বুলি দীৰ্ঘদিনৰ পৰা এক অভিযোগ উত্থাপন হৈ আছে। চক্ৰটোৱে বিভিন্ন বজাৰত জাল নোটৰ দ্বাৰা পাইকাৰীভাৱে সামগ্ৰী ক্ৰয় কৰি জাল নোটৰ এক ৰমৰমীয়া ব্যৱস্যায় চলাই থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে। আনহাতে আন এটা চক্ৰ ভাৰতৰ পৰা বাংলাদেশত চোৰাংভাৱে গৰু সৰবৰাহ কৰি বাংলাদেশৰ পৰা শতকৰা প্ৰায় ৫০ শতাংশ লাভৰ বিনিময়ত জাল নোট সংগ্ৰহ কৰি ভাৰতীয় বজাৰত জাল নোটৰ প্রচলন আৰম্ভ কৰিছে বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে। এই ক্ষেত্ৰত দক্ষিণ শালমাৰা জিলা আৰক্ষীয়ে এই চক্ৰটোৰ বিৰুদ্ধে কিদৰে পদক্ষেপ গ্ৰহণ সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।