যোৰহাটঃ কৰোনাৰ ভয়াবহ পৰিস্থিতিৰ মাজতেই যোৰহাটত ভুৱা দণ্ডাধীশ গ্ৰেপ্তাৰ।
চিনামৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক।
ধৃত যুৱকজন ঢেকীয়াজুলিৰ গোসাইগাঁৱৰ অনিৰ্বান ওৰফে বিশ্বজিত দত্ত।
নিজকে দণ্ডাধীশ বুলি পৰিচয় দিয়া যুৱকজনে এ এছ ২৩ এফ ৬৩৪৭নম্বৰৰ এখন গাড়ীত দণ্ডাধীশৰ ফলক লগাই আৰক্ষীৰ চকুত ধূলি দি ঘুৰি ফুৰিছিল।
বুধবাৰে যুৱকজনে কৰ্তব্যৰত আৰক্ষীক কটু কথা শুনাইছিল আৰু চিনামৰা আৰক্ষীথানাত উপস্থিত হৈছিল।
আৰু পঢ়কঃক’ভিডত আক্রান্ত হৈ বর্তমানলৈকে দেশত ৩০০ সাংবাদিকৰ মৃত্যু
আৰক্ষী থানা খনৰ ভাৰপ্ৰাপ্ত বিষয়া হিমাংশু গোহাঁইৰ যুৱকজনৰে হোৱা কথা-বাৰ্তাত সন্দেহ ওপজে।
ফলত আৰক্ষীয়ে যুৱকজনক জেৰা কৰে আৰু প্ৰকৃত ঘটনা পোহৰলৈ আহে।
কৰোনাৰ প্ৰথমটো লহৰতো চিকিৎসকৰ বেশ ধৰি যুৱকজনে বিভিন্ন ধনৰ পৰা ধন সংগ্ৰহ কৰিছিল।
পূৰ্বেও ধনদাবী কৰি জেললৈ গৈছিল যুৱকজন।