গুৱাহাটীঃ যোৰাবাটত উদ্ধাৰ হৈছে নকল টকা । যোৰাবাট আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ১২.৫লাখ টকা।
নগাঁৱৰ পৰা গুৱাহাটীলৈ অহা এখন গাড়ীত চলোৱা তালাচী চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় টকাখিনি।
আৰক্ষীয়ে এজন লোককো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
ধৃত লোকজন হৈছে লক্ষীমপুৰৰ বিহপুৰীয়া থানাৰ অন্তৰ্গত আহমেদপুৰৰ আব্দুল ৰেজাক।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে।