ডবকা: হোজাই জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ তৎপৰতাত হোজাই, মোৰাঝাৰ আৰু ডবকা আৰক্ষীয়ে হোজাইৰ বিভিন্ন প্ৰান্তত অভিযান চলাই জাল নথিপত্ৰ সহ আটক কৰে তিনি জনক।
ধৃত তিনিজন ক্ৰমে কামাল উদ্দিন, গৌছ উদ্দিন আৰু আব্দুৰ ৰহমান৷
তিনিওৰে স্বীকাৰোক্তিৰ ভিত্তিত ডবকাৰ ছাবিনা বেগম ওৰফে সেমু নামৰ এগৰাকী মহিলাৰ ঘৰত ডবকা আৰক্ষীয়ে অভিযান চলাই প্ৰায় ২৫ খন পাচপৰ্ট জব্দ কৰে৷ অভিযানৰ সময়ত চাবিনা বেগমে পলায়ন কৰে৷

উল্লেখ্য যে চাৰিদিন পূৰ্বে হোজাইৰ ইছলামনগৰত হোজাই আৰু মোৰাঝাৰ আৰক্ষীয়ে অভিযান চলাই কামাল উদ্দিনক আটক কৰাৰ সময়ত কামাল উদ্দিনৰ লেপটপত প্ৰায় ২০০০ খন ভুৱা আধাৰকাৰ্ডৰ ফটোকপি থকাৰ তথ্য লাভ কৰিছিল৷ কামাল উদ্দিনক সোধাপোছাৰ অন্তত আৰক্ষীয়ে এই পাচপৰ্ট জালিয়াতিৰ লগত জড়িত থকাৰ অভিযোগত আব্দুৰ ৰহমান আৰু গৌছ উদ্দিনক হোজাইৰ বিভিন্ন প্ৰান্তৰ পৰা আটক কৰে৷
এওঁলোকক আটক কৰাৰ পিছতে এই জালিয়াতিত ডবকাৰ চাবিনা বেগম নামৰ মহিলাগৰাকীৰ ঘৰত আৰক্ষীয়ে অভিযান চলোৱাৰ পিছতে পোহৰলৈ আহে জাল পাচপৰ্টৰ নেটৱৰ্কৰ এই বৃহৎ তথ্য৷
আনহাতে কামাল উদ্দিনৰ লেপটপত আন বহু বিস্ফোৰক তথ্য লাভ কৰিছে হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই৷
লগতে পঢ়ক- তেজপুৰত নকল টকা বনোৱা মেছিন সহ দুজনক গ্ৰেপ্তাৰ
ঘটনা সংক্ৰান্তত হোজাই থানাত 72/22 নং এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে ৷ আৰক্ষীৰ তদন্তত এই পাচপৰ্ট জালিয়াতিত জড়িত থকা আন এক বৃহৎ নেটৱৰ্ক জালত পৰাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে।