নগাঁও : নগাঁৱত এগৰাকী মহিলাসহ দুই ভুৱা আৰক্ষী পৰিল জালত। নগাঁও আৰক্ষীৰ জালত পৰিল পুৰণিগুদামৰ চলচলিৰ এগৰাকী মহিলা আৰু এজন পুৰুষ। দুই নিজকে আৰক্ষী বুলি পৰিচয় দি আহিছিল।

নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ বিশেষ শাখাত কৰ্মৰত বুলি পৰিচয় দিছিল দুই ভুৱা আৰক্ষীয়ে। ধৃত বঢ়মপুৰ আদৰ্শ গাঁৱৰ ৰাজীৱ বৰদলৈ আৰু চলচলিৰ মুছলিম গাঁৱৰ ইবটিছাম আহমেদ। সম্পৰ্কত ধৃত দুয়ো পতি-পত্নী বুলি জানিব পৰা গৈছে।

আৰু পঢ়কঃ দুই বাহনৰ মুখামুখি সংঘৰ্ষত নিহত এক, আহত তিনিজন

ধৃত দুয়ো আচামীক মোকলাই দিয়াৰ নামত এগৰাকী মহিলাক দাবী কৰিছিল ৫০ হাজাৰ টকা।ভুক্তভোগী মহিলা গৰাকীৰ গোচৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভুৱা আৰক্ষী দম্পত্তিক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply