গুৱাহাটী – আৰক্ষীৰ জালত পৰিল ভুৱা আৰক্ষী। মহানগৰীৰ গড়চুকত আৰক্ষীৰ জালত পৰিল ভুৱা আৰক্ষী উপ-পৰিদৰ্শক। ধৃত ভুৱা আৰক্ষী বিষয়াজন ধাৰাপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

শুকুৰবাৰে নিশা মহানগৰীৰ গড়চুকত আৰক্ষীৰ জালত পৰে এজন ভুৱা আৰক্ষী বিষয়া। নিশা এএছ-০১-ইএল-৭৫২৩ নম্বৰৰ বুলেট লৈ আহি থকা আৰক্ষীৰ পোছাক পৰিধান কৰা এজন যুৱকে কৰ্তব্যৰত আৰক্ষীক দুৰ্ব্যৱহাৰ কৰে। যুৱকজনে নিজকে আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ উপ-পৰিদৰ্শক হিচাপে চিনাকি দিয়ে।

কৰ্তব্যৰত আৰক্ষীৰ যুৱকজনৰ ওপৰত সন্দেহ ওপজাত যুৱকজনক আৰক্ষীয়ে আটক কৰি গড়চুক থানাত লৈ আহে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে যুৱকজনক জেৰা চলাওঁতে যুৱকজনে বেতকুছিস্থিত ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ ছাত্ৰ বুলি আৰক্ষীক জানিবলৈ দিয়ে।

আৰক্ষীয়ে যুৱকজনৰ বিৰুদ্ধে গড়চুক থানাত ভাৰতীয় দণ্ডবিধিৰ ১৭১/৩৫৩/২৭৪(এ)/৪১৯ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে। ধৃত যুৱকজন ধাৰাপুৰৰ চক্ৰধৰ বৈশ্যৰ পুত্ৰ কুলজিৎ বৈশ্য বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply