ফকিৰগঞ্জত ভূৱা আৰক্ষী বিষয়া গ্ৰেপ্তাৰ

ফকিৰগঞ্জ আৰক্ষী থানাৰ অন্তগৰ্ত এলেকাত নিজকে উপ আৰক্ষী পৰিদৰ্শক বুলি পৰিচয় দি দীৰ্ঘদিন ধৰি অবৈধভাবে ধন সংগ্ৰহ কৰি অহা এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে ফকিৰগঞ্জ আৰক্ষীয়ে ।
গোপন সূত্ৰৰ পম খেদি দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষী অধীক্ষকে এই সম্পৰ্কে অৱগত কৰিছিল ফকিৰগঞ্জ আৰক্ষীক ।
আৰক্ষী বিষয়া ৰাম ৰাওতীয়া, সহকাৰী আৰক্ষী বিষয়া আহমেদ আলীৰ নেতৃত্বত যোৱা দলে পাইকাৰপাৰা গাৱত অভিযান চলাই ফুলচান আলী নামৰ ভুৱা আৰক্ষী বিষয়া জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
যুৱকজনৰ পৰা আৰক্ষীৰ পোচাক, বেল্ট, ষ্টাৰ আদি জব্দ কৰে আৰক্ষীয়ে ।

এইগৰাকী ধৃত যুৱকজনে নিজকে আৰ পি এফ আৰক্ষী পৰিদৰ্শক বুলি পৰিচয় দি বিভিন্ন জনক পুলিচৰ চাকৰি দিয়াৰ প্ৰলোভনেৰে লাখ লাখ টকা সংগ্ৰহ কৰি আহিছে ।
ইয়াৰ লগত বৃহৎ দুষ্ট চক্ৰ জড়িত থকা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে ।
অধিক তথ্য জনাৰ উদ্দেশ্য যুৱকজনক ফকিৰগঞ্জ আৰক্ষীয়ে সোধপোচা অব্যাহত ৰাখিছে।

লগতে পঢ়ক লেখাপানীত পিষ্টল-সজীৱ গুলিসহ NSCN-k কেডাৰ গ্ৰেপ্তাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply