তেজপুৰৰ মিচন চাৰিআলিত ভুৱা আৰক্ষী উপ পৰিদৰ্শক বিষয়াক আটক কৰে আৰক্ষীয়ে।

তথ্য অনুসৰি, তেজপুৰৰ ২নং কলিতাগাঁৱৰ বাসিন্দা হিমাংশু কলিতাৰ সপোন আছিল আৰক্ষী বিষয়া হোৱাৰ। কান্ধত টু ষ্টাৰ, কঁকালত পুতলা পিষ্টল ওলমাই বুকু ফিন্দাই গৈ থাকোতেই পৰিল আৰক্ষীৰ জালত।

নৱম মান শ্ৰেণীত শিক্ষা সমাপ্ত কৰা হিমাংশু কলিতাই ভালকৈ জানিছিল যে তেওঁৰ আৰক্ষী হোৱাৰ সপোন শেষ হৈছে। সেয়ে অনলাইনযোগে এযোৰ আৰক্ষীৰ পোছাক অৰ্দাৰ কৰি লয়।

আৰক্ষীৰ পোছাক পৰিধান কৰি হিমাংশু কলিতা হৈ পৰে আৰক্ষী উপ পৰিদৰ্শক বিষয়া। কান্ধত টু ষ্টাৰ, কঁকালত ওলমাই লয় এটা পুতলা পিষ্টল।

আনহাতে, ভুৱা আৰক্ষী বিষয়া হৈয়ে হিমাংশু কলিতাক দুজন দেহৰক্ষীৰ প্ৰয়োজন হল। লগে লগে যোগাযোগ কৰে চৰাইদেউ জিলাৰ ভাস্কৰ বৰুৱা নামৰ যুৱকজনক। ফোনযোগে মাতি পঠিয়ালে দেহৰক্ষী নিযুক্তি বিচৰা ভাস্কৰ বৰুৱাক। চাকৰিৰ আশাত ভাস্কৰ বৰুৱা আহি উপস্থিত হয় তেজপুৰত।

ইফালে, তেজপুৰ মিচন চাৰিআলিত ভাস্কৰক লগ কৰিবলৈ আহোঁতেই জালত পৰিল আৰক্ষীৰ। আৰক্ষীয়ে আটক কৰিলে স্বয়ম্ভু আৰক্ষী বিষয়া হিমাংশু কলিতাক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply