মানকাচৰ: ধুবুৰী জিলাৰ অন্তৰ্গত ফকিৰগঞ্জ মডেল হস্পিতাল খন বৰ্তমান নামত হে আছে নাই চিকিৎসালয় খনত নাই প্ৰয়োজনীয় সা সুবিধা ।
কৰোনা মহামাৰীৰ সময়ছোৱাত হস্পিতাল খনত নাই এখন এম্বুলেন্স, নাই অক্সিজেনৰ ব্যৱস্থা, নাই ভেকচিনৰ ব্যৱস্থা, জৰুৰী ৰোগীৰৰ থকাৰ নাই কোনো সুব্যৱস্থা ।
স্থানীয় ৰাইজ লগতে ছাত্ৰ সন্থাই চৰকাৰ ,প্ৰশাসন আৰু স্থানীয় জনপ্ৰতিনিধি সকলক দাবী জনাই আহিছিল যদিও ৰাইজৰ দাবীৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা নকৰাৰ অভিযোগ ।
“অচিৰেই হস্পিতাল খনত সকলো ধৰণৰ সুবিধা প্ৰদান কৰি পূৰ্ণ পৰ্যায়ৰ চিকিৎসা সেৱা আগবঢ়াই অঞ্চলবাসীক চিকিৎসাসেৱাৰ সুবিধা প্ৰদান কৰিবলৈ চৰকাৰ ,প্ৰশাসন আৰু স্থানীয় জনপ্ৰতিনিধি সকলক স্থানীয় ৰাইজ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শৰিফুল ইছলাম প্ৰধানীয়ে দাবী জনাই ।