ফকিৰগঞ্জ : প্ৰায় দুই লক্ষাধিক লোকৰ ভৰসা এটা বৃহত্তৰ অঞ্চলৰ মাজত থকা এখন আদৰ্শ চিকিৎসালয়। ১০ বছৰ পূৰ্বে আদৰ্শ চিকিৎসালয়খন নিৰ্মাণৰ বাবে তেতিয়াৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আদাৰশিলা স্থাপন কৰিছিল। প্ৰায় ৮ কোটি টকাৰে আজিৰ পৰা প্ৰায় ৬ বছৰ পূৰ্বে নিৰ্মাণ কাম সম্পূৰ্ণ কৰা হৈছিল আদৰ্শ চিকিৎসালয়খনৰ। অনুষ্ঠানিকভাৱে মুকলিও কৰা হৈছিল আদৰ্শ চিকিৎসালয়খন।
২০ খন বিচনাযুক্ত এই আদৰ্শ চিকিৎসালয়খন কিন্ত চলিছে মাত্ৰ এজন চিকিৎসকৰ দ্বাৰা। সম্প্ৰতি চিকিৎসকজন ক’ভিডত আক্ৰান্ত হৈ থকাৰ ফলত বিগত প্ৰায় ১২ দিন ধৰি চিকিৎসক অভিহনে চলি আছে চিকিৎসালয়খন। নামত চিকিৎসালয়খনত সকলো আছে, কিন্তু কামত একোৱেই নাই বুলিলে ভুল নহ’ব। ধুবুৰী জিলাৰ অধীনস্থ দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ আদৰ্শ চিকিৎসালয়খন নাম মাত্ৰ চলি থকা পৰিলক্ষিত হৈছে।
ৰোগীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়খনত নাই পৰ্যাপ্ত চিকিৎসক, নাই পৰ্যাপ্ত নাৰ্চ আৰু ফাৰ্মাচিষ্ট। ৰোগী কঢ়িওৱাৰ বাবে এখন এম্বুলেন্স থকাতো দূৰৰ কথা আদর্শ চিকিৎসালয়খনত ৰোগীয়ে নাপায় উপযুক্ত চিকিৎসা সেৱা। ইফালে ক’ভিড পৰিস্থিতি সৈতে যুঁজিবলৈ ৰাজ্য চৰকাৰে একাংশ স্বাস্থ্য কেন্দ্ৰত ক’ভিড পৰীক্ষা কৰি চৰকাৰীভাৱে ক’ভিড প্ৰতিষেধক প্ৰদান কৰিছে কিন্তু এই খন আদৰ্শ চিকিৎসালয়খনত কেৱল ক’ভিড পৰীক্ষা কৰি দায়িত্ব সামৰা পৰিলক্ষিত হৈছে।
ক’ভিড আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰতো চিকিৎসালয়খনত লোৱা হোৱা নাই কোনো বিশেষ ব্যৱস্থা। ক’ভিড প্ৰতিষেধকৰ ব্যৱস্থা নকৰাৰ ফলত দক্ষিণ শালমাৰাৰ বালাডোবা, বালুঘাট, ধেনাৰকুটি, শালকাটা, শ্বলীয়া, সূৰ্যমনি, মাটিফাটা, বাউছকাটা, শালকাটা, ৰাধুৰাম, আমবাৰী, ভূঞাপাৰা, পামপাৰা, চিতলাৰপাৰ, মাটিফাটা, ফকিৰগঞ্জ, হামিদাবাদ, আইৰকাটা, আইৰমাৰীকে ধৰি প্ৰায় ৩০ খন গাঁৱৰ দুই লক্ষাধিক লোক ক’ভিড প্ৰতিষেধকৰ পৰা বঞ্চিত হৈ আছে।
উক্ত গাঁও কেইখনত ৰাইজে ভেকচিন ল’বলৈ হলে হয় ২০ কিলোমিটাৰ দূৰত্বত থকা দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ টুমনি অথবা মহাবাহু ব্ৰহ্মপুত্ৰ নদীত ৫ ঘণ্টা সময় যাতায়ত কৰি ধুবুৰী চহৰলৈ গৈ ভেকচিন ল’ব লাগে।ইফালে সান্ধ্য আইন চলি থকাৰ ফলত গাঁও কেইখনৰ ৰাইজে ভেকচিন ল’বলৈ টুমনি অথবা ধুবুৰীলৈ যাবলৈই ভয় কৰিছে ফলত ভেকচিনৰ পৰা বঞ্চিত হৈ আছে এই অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজ।
লগতে পঢ়ক : ৰাজ্যত কোৰোনাৰ আক্ৰান্তৰ হাৰ বহু পৰিমানে কমিছে
ফকিৰগঞ্জ অঞ্চলৰ এই আদৰ্শ চিকিৎসালয়ৰ উপৰিও ১০ খন উপ স্বাস্থ্য কেন্দ্ৰ তথা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে যদিও এই স্বাস্থ্য কেন্দ্ৰ সমূহতো ভেকচিন প্ৰদানৰ কোনো ব্যৱস্থা নাই। ফকিৰগঞ্জ আদৰ্শ চিকিৎসালয়খনত চৰকাৰী ক’ভিড ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিবলৈ স্থানীয় ৰাইজে নতুন চৰকাৰৰ নতুন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ওচৰত আহ্বান জনাইছে। স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে এতিয়া ফকিৰগঞ্জ অঞ্চলৰ এই সকল সাধাৰণ লোকৰ দাবীৰ প্ৰতি কিদৰে সঁহাৰি জনায় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।