দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ ফকিৰগঞ্জ অঞ্চলত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ নদীৰ ভয়াবহ গৰাখহনীয়া৷ গৰাখহনীয়াৰ কবলত পৰিছে ফকিৰগঞ্জ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়, ডাকুৰ ভিটা ভালুকমাৰী এল পি স্কুল আৰু ফকিৰগঞ্জ-ডাকুৰভিটা সংযোগী পথ৷ নিশ্চিহ্ন হৈ পৰিছে ফকিৰগঞ্জ অঞ্চলৰ বহু কেইটা চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান৷
গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত সাংসদ আৰু বিধায়কৰ নিষ্ক্ৰিয় ভূমিকাৰ ফলত উপায়হীন হৈ পৰিছে ফকিৰগঞ্জ অঞ্চলৰ ৰাইজ৷

উল্লেখ্য যে, ইতিমধ্যে অঞ্চলটোত ব্ৰহ্মপুত্ৰ নদীৰ ভয়াবহ গৰাখহনীয়াৰ কবলত পৰি দক্ষিণ শালমাৰা সমষ্টিৰ অধিকাংশ ভূমি ব্ৰহ্মপুত্ৰৰ বুকুত বিলিন হৈ গৈছে৷ গৰাখহনীয়াগ্ৰস্ত লোকসকলে মথাউৰি, নতুন চৰ-চাপৰিৰ লগতে মেঘালয়ত আশ্ৰয় লবলৈ বাধ্য হৈছে। মন কৰিবলগীয়া যে,
বিগত ২০ বছৰ ধৰি এআইইউডিএফ আৰু কংগ্ৰেছ দলে দখল কৰি অহাৰ পিছতো দক্ষিণ শালমাৰা সমষ্টিত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া সমস্যা সমাধানত ব্যৰ্থ হোৱাত সমষ্টিটোৰ জনসাধাৰণ ক্ষোভিত হৈ পৰিছে সাংসদ বদৰউদ্দিন আজমল আৰু বিধায়ক ওৱাজেদ আলী চৌধুৰীৰ ওপৰত।

আৰু পঢ়কঃ জেংৰাইমুখ চিমিৰ গঢ়াত কোটি টকীয়া জিঅ বেগ সংস্থাপনৰ প্ৰকল্পৰ কামত অনিয়ম

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনক গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে সমষ্টিটোৰ নৈপৰীয়া ৰাইজে৷ চৰকাৰে স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে পৰিস্থিতি যে ভয়াৱহ হ’ব ইয়াৰ অনুমান সমষ্টিটোত অব্যাহত থকা ব্ৰহ্মপুত্ৰ নদীৰ ভয়াবহ গৰাখহনীয়াৰ দৃশ্য নিজ চকুৰে প্ৰত্যক্ষ কৰিলে বুজিব পাৰি৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply