সোমবাৰে নিশা মুম্বাইৰ চেম্বুৰ অঞ্চলত সংঘটিত হয় এক অমানৱীয় ঘটনা।

মুম্বাইৰ চেম্বুৰ অঞ্চলত এক অনুষ্ঠানত বলিউদৰ বিখ্যাত গায়ক চনু নিগমে অংশগ্ৰহণ কৰিছিল। এই অনুষ্ঠান আছিল চেম্বুৰ সমাৰোহৰ অন্তিম দিনৰ অনুষ্ঠান ।

জানিব পৰা মতে, গায়ক গৰাকীয়ে মঞ্চত গীত পৰিৱেশন কৰি নামি অহাৰ সময়তেই এগৰাকী অনুৰাগীয়ে তেওঁৰ সৈতে চেল্ফী ল’বলৈ অনুৰোধ কৰে। তেতিয়া চনু নিগমে এই অনুৰোধ প্ৰত্যাখান কৰে আৰু তাৰ পাছতেই উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। এনে পৰিস্থিতিৰ মাজতেই লোকজনে চনু নিগমৰ মহিলা মেনেজাৰ তথা আন এজন সহকৰ্মীক আক্ৰমণ কৰে ।

উল্লেখ্য যে, অভিযুক্ত লোকজনৰ নাম স্বপ্নীল প্ৰকাশ ফাটেৰপেকাৰ। তেওঁ মহাৰাষ্ট্ৰৰ শিৱ সেনাৰ এজন বিধায়কৰ পুত্ৰ আছিল। এই উত্তপ্ত পৰিস্থিতিত হতাহতিৰ মাজত চিৰিত বাগৰি পৰে গায়ক গৰাকী ।

পৰৱৰ্তী সময়ত চনু নিগমৰ এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰ কৰে।  

আনহাতে, মহাৰাষ্ট্ৰত শিৱসেনাৰ সমৰ্থক তথা তৃণমূল পৰ্যায়ৰ নেতা সকলৰ উদণ্ড প্ৰকৃতিৰ সৈতে প্ৰায় সকলোৱেই পৰিচিত । কিন্তু ক্ষমতাৰ ৰাগীত মতলিয়া হৈ প্ৰত্যাখ্যানৰ অৰ্থ বুজি নোপোৱাৰ অন্তত থাকিব পৰা সকলোৱে সকলো দিশেই অনুধাৱণ কৰা উচিত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply