নিউজ ডেস্কঃ গুৱাহাটী মহানগৰীত ফাঁচীবজাৰস্থিত হোটেল ৰাজহংসত ২৫ জানুৱাৰীত সংঘটিত হত্যাকাণ্ডক লৈ বিস্ফোৰক স্বীকাৰোক্তি দিছে হত্যাকাৰী ফাইজুদ্দিন। আৰক্ষীৰ জেৰাত ফাইজুদ্দিনে কয় যে তেওঁ হত্যা কৰিছিল মহিলাগৰাকীক।

উল্লেখ্য় যে, হোটেলখনৰ কৰ্মচাৰীসকলে জনোৱা মতে, যোৱা ১৪ জানুৱাৰীৰ পৰা ২০৬ নং কোঠাত স্বামীৰ সৈতে মহিলাগৰাকী ভাড়াত আছিল। আৰু মহিলাগৰাকীক হত্যা কৰি স্বামী ফাইজুদ্দিন আছিল পলাতক অৱস্থাত।

দেওবাৰে পশ্চিমবংগ আৰক্ষীৰ সহযোগত মহানগৰ আৰক্ষীয়ে হত্যাকাৰী ফাইজুদ্দিনক গ্ৰেপ্তাৰ কৰে। আৰু আৰক্ষীৰ জেৰাত হত্যাকাৰীয়ে সকলো স্বীকাৰ কৰি লয়।

তাজনিমা খাতুন নামৰ হত্যা কৰা মহিলা গৰাকী প্ৰকৃততে ফাইজুদ্দিনৰ পত্নী নহয় বুলি জানিব পৰা গৈছে। হোটেল কৰ্তৃপক্ষক তাজনিমা খাতুন পত্নী হিচাপে পৰিচয় দি ফাইজুদ্দিনে ৰাখিছিল।

উল্লেখযোগ্য যে, ফাইজুদ্দিনৰ প্ৰকৃত পত্নী আছে গোৱালপাৰাৰ বড়ো পাহাৰত। আৰু তেওঁৰ প্ৰকৃত পত্নী গৰাকীৰ নাম আছমা বেগম । আৰক্ষীৰ তদন্ত চলোৱাত পোহৰ আহে যে, ফাইজুদ্দিনে হত্যা কৰা তাজনিমা খাতুন এগৰাকী দেহ ব্যৱহায়ী।

আনহাতে, আৰক্ষীৰ জেৰাত ফাইজুদ্দিনে দিয়ে বিস্ফোৰক স্বীকাৰোক্তি। তেওঁ জনোৱা মতে ১০০০ ৰ পৰিৱৰ্তে ৫০০০ টকা দাবী কৰিছিল দেহব্যৱহায়ী গৰাকীয়ে। এই সন্দৰ্ভত মতবিৰোধ হোৱাৰ পাছতেই হোটেলৰ বন্ধ কোঠাত ফাইজুদ্দিনে হত্যা কৰিছিল তাজনিমা খাতুনক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply