গুৱাহাটী : মহানগৰী গুৱাহাটীৰ ফাঁচি বজাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান। সোমবাৰে পুৱাৰ ভাগৰে পৰা কামৰূপ মহানগৰ জিলা প্ৰশাসনে ফাঁচি বজাৰত চলায় উচ্ছেদ অভিযান। প্ৰশাসনে কোনো ধৰণৰ জাননী নিদিয়াকৈ উচ্ছেদ চলোৱাৰ অভিযোগ ব্যৱসায়ী সকলৰ।

সোমবাৰে পুৱাৰ ভাগতে কামৰূপ মহানগৰ জিলা প্ৰশাসনে এক উচ্ছেদ অভিযান চলায় ফাঁচি বজাৰত। ফাঁচি বজাৰৰ এম এছ ৰোডৰ পদপথৰ কাষত অবৈধভাৱে গঢ় লোৱা এখন বজাৰ উচ্ছেদ কৰে প্ৰশাসনে। পুৱাৰ ভাগত প্ৰায় ৭০ খন দোকান উচ্ছেদ কৰে প্ৰশাসনে।

উল্লেখ্য যে এম এছ ৰোডত পুৰণি কাৰাগাৰৰ সন্মুখত অবৈধভাৱে গঢ় লৈ উঠিছিল এখন বজাৰ। বজাৰখনত প্ৰায় ২০০ খন দোকান থকা বুলি জানিব পৰা গৈছে। ইফালে বজাৰ খনত দোকান থকা ব্যৱসায়ী সকলে অভিযোগ উত্থাপন কৰিছে যে প্ৰশাসনে কোনো ধৰণৰ জাননী নিদিয়াকৈ হঠাতে আজি উচ্ছেদ অভিযান চলায়।

কামৰূপ মহানগৰ জিলা প্ৰশাসনে জননী নিদিয়াকৈ উচ্ছেদ অভিযান চলোৱাত ব্যৱসায়ী সকল ক্ষোভিত হৈ পৰিছে। উচ্ছেদৰ ফলত বজাৰখনত থকা ব্যৱসায়ী সকল কেইবা লক্ষাধিক টকাৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে বুলিও ব্যৱসায়ী সকলে জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply