গুৱাহাটী: দেশৰ অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ কৃষক সমাজক চৰম আঘাট হানিবলৈ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বি জে পি চৰকাৰে প্ৰৱৰ্তন কৰা তিনিখন কৃষকবিৰোধী ক’লা আইন মূলতঃ কৃষক সমাজৰ বছৰজোৰা নেৰানেপেৰা আন্দোলন, চৰম ত্যাগ, আপোচবিহীন দৃঢ় স্থিতিৰ বাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৱশেষত বাতিল কৰিবলৈ বাধ্য হোৱা ঘটনাক আপোচবিহীন কৃষক সমাজ আৰু গণতান্ত্ৰিক শক্তিসমূহৰ এক ঐতিহাসিক বিজয় বুলি অভিহিত কৰিছে কংগ্ৰেছে ৷
অসম প্ৰদেশ কংগ্ৰেছে এই বিজয়ৰ বাবে অন্যান্য শক্তিসমূহৰ লগতে কংগ্ৰেছ দল, আৰু বিশেষকৈ সংসদৰ বাহিৰে-ভিতৰে কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীৰ বলিষ্ঠ, অনমনীয় সংগ্ৰামী ভূমিকা অনস্বীকাৰ্য বুলি অভিহিত কৰিছে ৷
দুৰ্ভাগ্যজনকভাৱে দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত নৰেন্দ্ৰ মোদী শুভবুদ্ধিৰ উদয় হ’বলৈ কৃষকৰ এই সংগ্ৰামত প্ৰায় ৭০০ বীৰ কৃষকে প্ৰাণ আহুতি দিবলগীয়া হ’ল ৷ এইসকল ছহিদৰ চৰম ত্যাগ আৰু হেজাৰ হেজাৰ কৃষক, গণতন্ত্ৰত বিশ্বাসী ব্যক্তি-সংগঠনৰ ঐক্যবদ্ধ সংগ্ৰামৰ পৰিণতিতে
অৱশেষত প্ৰধানমন্ত্ৰী মোদী নতশিৰ হ’বলৈ বাধ্য হ’ল কংগ্ৰেছে প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে মোদী চৰকাৰৰ শেহতীয়া এই ‘নৈতিক পৰাজয়’ক কৃষক সমাজৰ বিজয় বুলি নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে অভিহিত কৰি সমগ্ৰ দেশজুৰি আজি আহ্বান জনোৱা “কৃষক বিজয় দিৱস” অসমতো জিলাই জিলাই পালন কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই আজি
দলৰ অন্যতম কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা আৰু অন্যান্য কংগ্ৰেছ নেতা-কৰ্মীক লৈ যোৰহাটৰ তিতাবৰ চহৰত ‘কৃষক বিজয় দিৱস’ৰ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এই উপলক্ষে তিতাবৰৰ ৰাজপথেৰে এক ‘বিজয় সমদলো’ উলিওৱা হয়৷ আনহাতে সন্ধিয়া বৰাই গোলাঘাট কংগ্ৰেছ কাৰ্যালয়ত বীৰ কৃষক ছহিদ সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ অৰ্থে আয়োজিত বন্তি প্ৰজ্জ্বলন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৷ ইফালে মৰিগাঁৱত দলৰ সাংসদ তথা জ্যেষ্ঠ নেতা
প্ৰদ্যুৎ বৰদলৈয়ে ‘কৃষক বিজয় সমদল’ত অংশগ্ৰহণ কৰে আৰু বীৰ কৃষক ছহিদ সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে৷