শিৱসাগৰঃ পথাৰৰ বোকা মাটিত ঘাঁহ কাটি কলাগুৰুৰ বৃহৎ আকাৰৰ চিত্ৰ অংকন কৰি চৰ্চালৈ আহিছে নাজিৰাৰ এজন যুৱ কৃষক দ্বীপজ্যোতি গগৈ ৷ নাজিৰাৰ জয়খামদাং পথাৰত প্ৰায় একঠা মাটিত ঘাঁহ কাটি ব্যতিক্ৰমী ৰূপত কলাগুৰুৰ ছবিখন অংকন কৰিছে দ্বীপজ্যোতি গগৈয়ে।

মহান বিপ্লৱী শিল্পী কলাগুৰু বিষ্ণু ৰাভাৰ মৃত্যু তিথিত ছবিখন সম্পূৰ্ণ  কৰাৰ কথা আছিল যদিও বতৰে বিধি পথালি দিয়াত পলমকৈ হলেও ছবিখন সম্পূৰ্ণ কৰিছে ৷ উল্লেখ্য যে, খেতিৰ বাবে পথাৰত কোৰ মৰাৰ মাজতে মহান শিল্পী জনে ছবি অংকন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ চিত্ৰ অঁকাৰ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়ে বহু সুন্দৰ সুন্দৰ চিত্ৰ আঁকি আহিছে নাজিৰাৰ ঘৰফলীয়া গাঁৱৰ দ্বীপজ্যোতিয়ে। অসমীয়া জাতীয় জীৱনৰ আৰু অসমীয়া কলা সংস্কৃতিৰ পথাৰত বিষ্ণুপ্ৰসাদ ৰাভাই যি খোজ এৰি থৈ গৈছে সেয়া স্মৰণ কৰিছে যুৱকজনে।

লগতে পঢ়কঃমোমায়েক আৰু ভাগিনৰ মাজত প্ৰচণ্ড মাৰপিট

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply