ৰূপহীহাট : কাল কৰোণাই চহা খেতিয়কৰ জীৱনলৈ নমাই আনিছে ঘোৰ অমানিশা।কেনেদৰে জীৱন নিৰ্বাহ কৰিছে খেতিয়ক সকলে? খবৰ লৈছেনে কৃষি মন্ত্ৰী অতুল বৰাই? উচিত মূল্য লাভ কৰিছেনে খেতিয়ক সকলে? শাক-পাচলি উৎপাদনৰ অন্যতম কেন্দ্ৰস্থল বিচাপে পৰিনত হোৱা নগাঁও জিলাৰ উত্তৰ অঞ্চলস্থিত সুতীৰপাৰ, ৰূপহী, জুৰীয়া আদি অঞ্চলৰ কৃষক সকলৰ তথৈবচ অৱস্থা।
খেতি কৰি জীৱন নিৰ্বাহ কৰা যথেষ্ট কষ্টকৰ হৈ পৰিছে এতিয়া কৃষক সকলৰ বাবে। উল্লেখযোগ্য যে নগাঁও জিলাৰ এই সমূহ অঞ্চলৰ পৰা নিতৌ ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰা হয় কেইবা কুইণ্টলা শাক-পাচলি। ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে নগাঁৱতো আংশিক লকডাউন অব্যাহত আছে। আন্তঃজিলা যাতায়ত বন্ধ থকাৰ ফলত কৃষক সকলে শাক-পাচলিসমূহ বিক্ৰী কৰিব নোৱাৰাত পৰিয়াল পোহপাল দিয়া কষ্টকৰ হৈ পৰিছে এই সকল কৃষকৰ বাবে।
শাক-পাচলি বিক্ৰী কৰি কোনোমতে পৰিয়াল ভৰণপোষন দি ল’ৰা-ছোৱালীৰ শিক্ষাৰ খৰছ বহন কৰাত অসুবিধা সৃষ্টি হৈছে এইসকল কৃষকৰ। যাৰ বাবে তেওঁলোকে উপায়ন্তৰ হৈ সংবাদমাধ্যমৰ জৰিয়তে তেওঁলোকক এক কালীন সাহাৰ্য্য প্ৰদানৰ আহ্বান জনাইছে। লগতে পৰিয়াল পোহপাল দিয়াত অসুবিধাৰ সন্মুখীন হোৱা বাবে আত্মহত্যা কৰাৰ দৰে পৰিবেশে বিৰাজ কৰিছে বুলি মন্তব্য কৰে একাংশ কৃষকে।
লগতে পঢ়ক : লাওঁখোৱা অভয়াৰণ্যত বন কৰ্মীক চোৰাং মাছমৰীয়াৰ আক্ৰমণ
ইয়াৰোপৰি এইসকল কৃষিসামগ্ৰীৰ উচিত মূল্য নোপোৱা বুলিও মন্তব্য কৰে কৃষকসকলে। যাৰ বাবে এতিয়া বহু কৃষকৰ উৎপাদিত পাচলি পথাৰতে পচিবলৈ ধৰিছে। ক’ভিড মহামাৰীৰ বাবে কেৱল মাত্ৰ নগাঁও জিলাৰ কৃষক সকলে এনে অৱস্থাৰ সন্মুখীন হোৱা নাই। সমগ্ৰ ৰাজ্যতে এতিয়া কৃষক সকলৰ অৱস্থা পানীত হাঁহ নচৰা হৈ পৰিছে।