স্মৃতি ৰেখা লাহন, টীয়ক: এফালে ডিজেলৰ আকাশলংঘী দাম আনফালে মতা গৰুৰ জন্মৰ পৰিমান কমাই আনিবলৈ ৰাজ্য চৰকাৰে যি ব্যবস্থা হাতত লৈছে তাৰ ফলত বিপাঙত পৰিছে সাধাৰণ ভাবে জীৱন যাপন কৰি অহা কৃষকসকল ।
এবিঘা মাটিত টেক্টৰে হাল বাওতে ডিজেলকে ধৰি আনুসংগিক খৰচ এটা সময়ত ৬০০ টকাৰ পৰা ৮০০ টকাৰ ভিতৰতে হৈছিল । কিন্তু বৰ্তমান ডিজেলৰ দাম যি হাৰত বৃদ্ধি পাইছে সেই হিচাবত বৰ্তম এই খৰচ দুগুণ বৃদ্ধি পোৱাত এতিয়া বিপাঙত পৰিছে কৃষকসকল ।
তদুপৰি শেহতীয়াকৈ অসম চৰকাৰে মতা গৰু জন্ম নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তই গৰুৰে হাল বাই কৃষি কৰ্ম কৰা খেতিয়ক সকলৰ জীৱনলৈ অশনি সংকেত মাতি অনাৰ আশংকাই দেখা দিছে । জলসিঞ্চনৰ অভাৱৰ বাবে আজিও বতৰৰ ওপৰত নিৰ্ভৰ কৰিব লগা হোৱা কৃষকে সময়ত নাপায় সাৰ ।
শীত তাপ নিয়ন্ত্ৰিত কোঠাত বহি কৃষি খণ্ডৰ উন্নয়নৰ সপোন দেখুওৱা চৰকাৰী বিষয়া সকলৰ বাস্তৱমুখী পৰিকল্পনাৰ অভাৱৰ কথা উল্লেখ কৰি কৃষকৰ আহ্বান পথাৰ সমূহ পৰ্যবেক্ষণ কৰি প্ৰস্তুত কৰক আচঁনি আৰু কৃষকক উৎসাহিত কৰিব পৰাকৈ গ্ৰহণ কৰক কাৰ্যব্যৱস্থা নহলে কৃষকক লৈ দেখা সপোন বাস্তবত ৰূপায়িত হোৱাতো সম্ভব নহব ।
লগতে পঢ়ক অসম-মিজোৰাম সীমা সমস্যা লৈ দুই মুখ্যমন্ত্ৰীৰ আন এক যুদ্ধ