দিল্লীত পুনৰ আৰম্ভ কৃষক আন্দোলন। কৃষক নেতাসকলে তেওঁলোকৰ দাবী উত্থাপনৰ বাবে আকৌ এবাৰ দিল্লী অৱৰোধ আৰম্ভ কৰিছে।

সোমবাৰে দিল্লীৰ ৰামলীলা ময়দানত সংযুক্ত কিষান মৰ্চাৰ আহ্বানত কঠোৰ নিৰাপত্তাৰ মাজত কিষাণ মহাপঞ্চায়তৰ বাবে হাজাৰ হাজাৰ কৃষকৰ সমাবেশ হৈছে। মুলত ৭টা দাবীৰে এই সমাবেশৰ আহ্বান কৰিছে কৃষকসকলে। কৃষি সংক্ৰান্তিয় কাণ্ডৰ একাধিক সিদ্ধান্তৰ বিৰোধীতাৰে এই সমাবেশ আয়োজন কৰা হৈছে।

জানিব পৰা মতে, সমাবেশত অংশগ্ৰহণ কৰিবলৈ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা ক-ষকসকল একগোট হৈছেহি।

আনহাতে,  কিষাণ মৰ্চাই কেন্দ্ৰীয় চৰকাৰৰ বাতিল কৰা কৃষি আইনৰ বিৰুদ্ধে এবছৰ ধৰি চলি থকা আন্দোলনৰ নেতৃত্ব দিছিল। আন্দোলনৰ সময়ত কৃষকসকলৰ বিৰুদ্ধে পঞ্জীয়ন কৰা গোচৰ প্ৰত্যাহাৰ কৰাৰ চৰকাৰী আশ্বাস আৰু কৃষকসকলৰ অমীমাংসিত দাবীসমূহ বিবেচনা কৰাৰ চৰকাৰী আশ্বাসৰ পিছত মৰ্চাই ২০২১ চনৰ ডিচেম্বৰত আন্দোলন বাতিল কৰে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply