বৰমা : ৰাজ্য চৰকাৰৰ নতুন এছ ও পিয়ে কৃষক সকলৰ লগতে ক্ষতি কৰিছে গো-পালকসকলকো৷ হাটবজাৰৰ লগতে দিনৰ ১১ বজাতে দোকান-পোহাৰ বন্ধ হৈ পৰাত উৎপাদিত গাখীৰ বিক্ৰী কৰিব নোৱাৰি হতাশ হৈ পৰিছে গো-পালকসকল৷ অপচয় হৈছে উৎপাদিত গাখীৰৰ৷ উৎপাদিত গাখীৰসমূহ কি কৰিব এই লৈ চিন্তিত হৈ পৰিছে গো-পালকসকল৷

উল্লেখ্য যে বাক্সা-নলবাৰী জিলাৰ সীমান্তৰ বৰমাত স্থাপন কৰা নৱ প্ৰভাত দুগ্ধ উৎপাদন কেন্দ্ৰটোও সম্মুখীন হৈছে সমস্যাৰ৷ গো-পালনেৰে বৃহত্তৰ অঞ্চলটোত দুগ্ধ বিপ্লৱৰ সূচনা কৰা কেন্দ্ৰটোত উৎপাদিত গাখীৰ বিক্ৰী কৰাত অসুবিধাৰ সম্মুখীন হৈছে৷ দৈনিক দুই শতাধিক লিটাৰ গাখীৰ উৎপাদন কৰা কেন্দ্ৰটোৱে পুৱাৰ ভাগত কিছু গাখীৰ বিক্ৰী কৰে যদিও আবেলি গাখীৰ বিক্ৰী কৰিব নোৱাৰি গাখীৰ পেলাই দিবলৈ বাধ্য হৈছে গো-পালক সকল৷

পূৰ্ৱে বৰমা অঞ্চলৰ একাংশ হোটেল আৰু চাহ দোকানত গো-পালক সকলে গাখীৰ যোগান দিছিল যদিও এতিয়া ক’ভিড মহামাৰীৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা নতুন এছ ও পিৰ বাবে হোটেল, দোকান এঘাৰ বজাতে বন্ধ কৰিব লগা হোৱাত হোটেল সমূহেও গাখীৰ কম পৰিমাণে ৰাখিবলৈ বাধ্য হৈছে৷ ফলত বজাৰৰ অভাৱত দুগ্ধ উৎপাদন কেন্দ্ৰটোত উৎপাদিত গাখীৰ বিক্ৰীৰ অভাৱত অপচয় হৈছে৷

লগতে পঢ়ক : ধৰ্ষণৰ ভাইৰেল ভিডিঅ’ৰ সৈতে জড়িত মূল অপৰাধীক আৰক্ষীৰ গুলীচালনা

সংস্থাটোৰ সভাপতি ভাৰত তালুকদাৰে জানিবলৈ দিয়ে যে “ফাৰ্মখনত দৈনিক শতাধিক লিটাৰ গাখীৰ উৎপাদন হয় কিন্তু লকডাউন সদৃশ পৰিৱেশৰ বাবে উৎপাদিত গাখীৰ বিক্ৰী কৰিব পৰা নাই৷ যাৰ বাবে ফাৰ্মখনৰ লগত জড়িত কৰ্মচাৰীৰ দৰমহাৰ লগতে গৰু খাদ্য সামগ্ৰী কিনাৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে৷ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহনৰ বাবে আহ্বান জনায় সংস্থাটোৰ সভাপতি ভাৰত তালুকদাৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply