ৰূপহীহাট : জুৰীয়াস্থিত ৰূপহী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমীপত থকা গড়কাপ্তানী পৰিদৰ্শন বাংলোত পি এম কিষানৰ প্ৰ-পত্ৰ জমা দিয়াৰ বাবে হেজাৰ হেজাৰ কৃষকে ভিৰ কৰিছে। পুৱাৰে পৰা পৰিদৰ্শন বাংলোত কৃষকৰ সোঁত বৈছে। হাতে হাতে প্ৰ-পত্ৰ লৈ জমা দিয়াৰ বাবে ঘন্টাৰ পিছত ঘন্টা ধৰি শাৰীত থিয় দিছে কৃষকে।
প্ৰ-পত্ৰ জমা দিয়াৰ সময়ত কৃষক ৰাইজৰ মাজত লাগিছে হাহাকাৰ। ইপিনে পি এম কিষানৰ প্ৰ-পত্ৰ জমা দিয়াৰ সময়ত ৰাইজৰ মাজত লাগিছে প্ৰচণ্ড ঠেলা-হেঁচা।বিষয়া সকলে জনোৱা মতে পি এম কিষানৰ প-পত্ৰ জমা লোৱাৰ অন্তিম দিনা অহা শুকুৰবাৰ যদিও এই সময়সীমা বৃদ্ধি হোৱাৰ সম্ভাৱনা নথকা নহয়।
উল্লেখযোগ্য যে নগাঁও জিলাত ১ লাখ ৭৩ হেজাৰ হিতাধিকাৰীৰ নাম প্ৰধান মন্ত্ৰীৰ সপোনৰ প্ৰকল্পৰ বিপৰীতে পঞ্জীয়ন হৈছিল। যদিও পিছলৈ ব্যাপক হাৰত ভুৱা ও অস্তিত্বহীন কৃষকৰ নাম তালিকাত ভৰাই কোটি কোটি টকা সৰকাই নিয়াৰ অভিযোগ উঠিছিল। আনকি জৱকাৰ্ড শ্ৰমিকৰ অজ্ঞাতে বেংকৰ চি এছ পিৰ স্বত্বাধিকাৰীয়ে কৃষি বিভাগৰ এচাম বিষয়াক মেনেজ কৰি পি এম কিষাণৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰি ধন উলিয়াই নিয়াৰ তথ্য পোহৰলৈ আহিছিল।
লগতে পঢ়ক : চিকিৎসক ডাঃ নভনীল বৰুৱা দিছপুৰ থানাত হাজিৰ
জিলাখনৰ ভিতৰত ৰূপহীহাট, ধিং, বটদ্ৰৱা আৰু নগাঁও সদৰ সমষ্টিৰ কেলেংকাৰীয়ে সৃষ্টি কৰিছিল তীব্ৰ চাঞ্চল্যৰ। যাৰ বাবে ৰাজ্য চৰকাৰে পি এম কিষানৰ তালিকাৰ ভেৰিফিকেচন কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছিল। নগাঁও জিলাত ৩৯ হেজাৰ লোকৰ নাম সন্নিবিষ্ট ভেৰিফিকেচন কৰিবলগীয়া তালিকা ইতিমধ্যে প্ৰকাশ পাইছে।