গুৱাহাটী : ৰাজ্য চৰকাৰৰ কেবিনেটত নন্দিতা শইকীয়াৰ হত্যাকাণ্ডকলৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।কেবিনেটত সিদ্ধান্ত লোৱা হয় নন্দিতা শইকীয়া হত্যাকাণ্ডৰ বিচাৰ হ’ব ফাষ্টট্ৰেক কৰ্টত বুলি। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠকৰ পিছতে ঘোষণা।
ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাণ্ড সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ বিচাৰ ফাষ্টট্ৰেক কৰ্টত হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়।
কেবিনেট বৈঠকৰ পিছতে মন্ত্ৰী কেশৱ মহন্ত, ৰণোজ পেগু আৰু ৰণজিত কুমাৰ দাসে সংবাদ মেলত নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ বিচাৰ ফাষ্টট্ৰেক কৰ্টত হ’ব বুলি ঘোষণা কৰে। উল্লেখ্য বুধবাৰে মৃত্যুৰ ওচৰত হাৰ মানিছিল নন্দিতা শইকীয়া। স্পেচিল ডিজি জি পি সিঙক তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে।
লগতে পঢ়ক : এইবাৰ সীমান্তত মেঘালয় আৰক্ষীৰ সৈতে সংঘাতত লিপ্ত অসম আৰক্ষী
যোৱা শনিবাৰে দিন দুপৰতে বৰ্বৰ আক্ৰমণৰ বলি হৈছিল ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়া। মহাবিদ্যালয়খনৰ কৰ্মচাৰী ৰিন্টু শৰ্মাই দাৰে ঘপিয়াই গুৰুত্বৰভাৱে আহত কৰিছিল নন্দিতা শইকীয়াৰ লগতে মহাবিদ্যালয়খনৰ অন্য এগৰাকী ছাত্ৰী কস্মিতা দত্তক।