ৰূপহীহাট : নগাঁও জিলাৰ লাওঁখোৱা চাপৰিত সংঘটিত হৈছে এক কৰুণ ঘটনা। দুই কন্যা সন্তানক বিহ খুৱাই নিজেও বিহ পান কৰি আত্মহত্যা কৰাৰ চেষ্টা এগৰাকী পিতৃৰ। বিহ পান কৰাৰ ফলত দুই কন্যা সন্তান ক্ৰমে ৮ বছৰীয়া ৰহিমা খাতুন আৰু ৩ বছৰীয়া ফাতেমা খাতুন মৃত্যুৰ মুখত পৰিছে। পিতৃৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
লাওঁখোৱ চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত ৭ নং বগামুখত সংঘটিত হৈছে এই হৃদয় বিদাৰক কৰুণ ঘটনা। স্বামী-স্ত্ৰীৰ মাজত দীৰ্ঘদিনীয়া পাৰিবাৰিক কন্দল চলি থকাৰ ফলত ৰহিম আলী নামৰ এজন ব্যক্তিয়ে দুই কন্যা সন্তানক বিহ খুৱাই হত্যা কৰাৰ লগতে নিজেও আত্মহত্যাৰ চেষ্টা চলোৱাৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। পত্নীৰ সৈতে চলি থকা কন্দলৰ বাবে ৰহিম আলীৰ বিৰুদ্ধে গোচৰ তৰি পত্নীয়ে দুই সন্তানৰ সৈতে আশ্ৰয় লৈছিল পিতৃৰ গৃহত।
যোৱা সোমবাৰে ৰহিম আলীয়ে শহুৰেকৰ ঘৰৰ পৰা দুই সন্তানক ঘৰলৈ আনি বিহ পান কৰাই নিজেও বিহ সেৱন কৰে। সমগ্ৰ ঘটনা পৰিয়ালৰ লোকে গম পাই অতি সংকটজনক অৱস্থাত দুই সন্তানৰ লগতে ৰহিম আলীক নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল যদিও অৱশেষত এগৰাকী কন্যাই নিশাই মৃত্যুক আকোঁৱালি লোৱাৰ লগতে মঙলবাৰে আনগৰাকী কন্যা সন্তানৰ মৃত্যু হয়।
লগতে পঢ়ক : এন ডি এফ বিৰ প্ৰাক্তন সদস্যৰ দক্ষতা বিকাশ কাৰ্যসূচীৰ শুভাৰম্ভ
ইফালে ৰহিম আলীৰ পৰিয়ালে ৰহিম আলীৰ পত্নীৰ পিতৃৰ ঘৰতে পত্নীয়ে ৰহিম আলীৰ লগতে দুই কন্যাক বিহ পান কৰোৱাৰ অভিযোগ উল্খাপন কৰিছে। এতিয়া প্ৰকৃত ঘটনা আৰু কেনেদৰে দুই ফুলকুমলীয়া শিশুৱে মৃত্যুক আকোৱালি ল’ব লগা হ’ল সেয়া আৰক্ষীৰ উচিত তদন্তইহে পোহৰলৈ আহিব।