গুৱাহাটীঃ ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। কাৰ্বি আংলং জিলাৰ লাহৰীজানত শুকুৰবাৰে আৰক্ষীয়ে ৭ কোটি টকাৰ হেৰ’ইন সহ দুজনক আটক কৰে। এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীৰ এটা টহলদাৰী দলে অভিযান চলাই নগালেণ্ডৰ সীমান্তৱৰ্তী লাহৰিজানত শাক-পাচলিৰ বস্তাত লুকুৱাই অনা অৱস্থাত ১ কেজি হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়। হেৰ’ইনখিনি সৰবৰাহ কৰাৰ সময়তে এজন লোক আৰু তেওঁৰ পুত্ৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
অসম আৰক্ষীৰ এই সাফল্যক প্ৰশংসা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক টুইট কৰে-
‘অসম আৰক্ষীৰ আন এক বৃহৎ সাফল্য। ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানত কাৰ্বিআংলং জিলাৰ লাহৰিজানত ১ কেজি হেৰ’ইন জব্দ কৰাৰ চুবুৰীয়া ৰাজ্যৰ দুই অভিযুক্তক আটক কৰা হৈছে। অসম আৰক্ষীৰ এই কাৰ্যক প্ৰশংসা কৰিছো। এইদৰে উৎকৃষ্ট কাম কৰি যাওক।’
উল্লেখ্য যে, ২০২১ চনৰ মে’ মাহৰ পৰা বিভিন্ন অভিযানত জব্দ কৰা ৩৫ কোটি টকাৰ ড্ৰাগছ মৰিগাঁও জিলাৰ হেকেনামৰা অঞ্চলত দাহন কৰিছিল আৰক্ষীয়ে। মৰিগাঁও আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে সাংবাদিকৰ আগত জনোৱা মতে, জব্দ কৰা ড্ৰাগছখিনি গোচৰ নিষ্পত্তি কৰা হৈছে আৰু স্থানীয় আদালতৰ অনুমতি সাপেক্ষে সেইবোৰ জ্বলাই দিয়া হৈছে। আৰক্ষীয়ে জ্বলাই দিয়া ড্ৰাগছখিনিৰ ভিতৰত ৩.৩ কেজি হেৰ’ইন, ১৫০ কেজি গাঞ্জা, ১হাজাৰ বটল কফ চিৰাপ আৰু ৫ হাজাৰ টেবলেট আছিল বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে উল্লেখ কৰে।