ৰূপহীহাট : এফ চি আইৰ গুদামৰ পৰা অহা চাউল ভৰ্তি ট্ৰাক সমবায় গুদামৰ পৰিৱৰ্তে মাজবাটতে হৰলুকি হোৱাৰ ঘটনাই সমগ্ৰ নগাঁও জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে এ এছ-০১ ৱাই-৮৪৮১ নম্বৰৰ এখন ট্ৰাক ৰাজ্যৰ অসামৰিক যোগান বিভাগে দৰিদ্ৰ ৰাইজৰ বাবে চাউল প্ৰেৰণ কৰিছিল লাহৰীঘাট সমবায়লৈ। কিন্তু মাজবাটতে ১০৪ বস্তা চাউল বিক্ৰি কৰে গাড়ীৰ চালকজনে।
এই চোৰাং চাউল ক্ৰয় কৰিছিল প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ অতি ঘনিষ্ঠ তথা নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আবু কক্কৰ ছিদ্দিক ওৰফে ছেলিম আৰু ধিং সমষ্টিৰ এ আই ইউ ডি এফ দলৰ নেতা হান্নান চৰকাৰে। লগতে এই চাউল চুৰি কাৰ্যত ধিং সমষ্টিৰ যুৱ কংগ্ৰেছৰ সম্পাদক জেহিৰুল ইছলামো জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।
চাউল চুৰি ঘটনা সন্দৰ্ভত ধিং আৰক্ষীয়ে কংগ্ৰেছী নেতা আবু কক্কৰ ছিদ্দিক ওৰফে ছেলিমৰ আলিটাঙনীস্থিত বাসগৃহত তালাচী চলাই ১২ বস্তা এফ চি আইৰ চাউল উদ্ধাৰ কৰাৰ লগতে যুৱ কংগ্ৰেছৰ নেতা তথা আবু কক্কৰ ছিদ্দিক ওৰফে ছেলিমৰ ভাতৃ জেহিৰুল ইছলাম আৰু আজমল হুছেইনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
লগতে পঢ়ক : চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ মূল্যাংকন কেনেকৈ কৰিব
ঘটনা সন্দৰ্ভত ধিং আৰক্ষীয়ে আটক কৰা লোক দুজনৰ বিৰুদ্ধে ২২৯/২১ নম্বৰত ৪০৭/৪২০/ধাৰাত গোচৰ ৰুজু কৰি দুই অভিযুক্তক জেললৈ প্ৰেৰণ কৰিছে। চোৰাং চাউল ক্ৰয় কৰা দুই মুল অভিযুক্ত আবু কক্কৰ ছিদ্দিক ওৰফে ছেলিম আৰু হান্নানক বিচাৰি অভিযান অব্যাহত ৰাখিছে ধিং আৰক্ষীয়ে।