লখিমপুৰৰ পৰা পল্লব মিলি: লখিমপুৰৰ লালুকত নকল সোণ বিক্ৰী কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল পিতা-পুত্ৰ। মুম্বাইৰ ব্যৱসায়ীক ১৫ লাখ টকাত ডেৰ কেজি নকল সোণক আচল সোণ বুলি বিক্ৰী কৰাৰ অপচেষ্টা চলাইছিল।
পূৰ্বেও এই পিতা-পুত্ৰই নকল সোণ বিক্ৰী কৰি ঠগিছিল এই সকল লোকক। এইবাৰ ডেৰ কেজি নকল সোণ সহ আৰক্ষীৰ সহায়ত পিতা-পুত্ৰক ধৰিলে মু্ম্বাইৰ লোক সকলে।
ধৃত পিতা পুত্ৰ ক্ৰমে উত্তম পাল আৰু উমেশ পাল। দুয়োৰে ঘৰ লখিমপুৰৰ বালিডিঙত।
সম্প্ৰতি পিতা পুত্ৰক জেৰা অব্যাহত ৰাখিছে লালুক আৰক্ষীয়ে।