তেজপুৰ: শোণিতপুৰ জিলাৰ বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিশেষ তৎপৰতাত আকৌ উদ্ধাৰ হয় নকল সোণ বিস্কুট।
ৰঙিয়াৰ পৰা মইনুল হক নামৰ এজন যুবকে সোণ ক্ৰয় কৰিবলৈ নপাম বৰঘাটলৈ অহা সময়ত লগ ধৰি বিশেষ পৰিকল্পনাৰে নকল সোণ চক্ৰৰ পৰা দুটা নকল সোণৰ বিস্কুটৰ লগতে নপাম কোৰোকানি গাঁৱৰ হাৰেজ আলীৰ পুত্ৰ ৰফিকুল ইছলামক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

যদিও সোণ ক্ৰয় কৰিবলৈ অহা লোক জনে আগতীয়াকৈ দিয়া ডেৰ লাখ টকা এতিয়াও উদ্ধাৰ কৰিব পৰা নাই। ঘটনাৰ তদন্ত অব্যাহত আছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।


শোণিতপুৰ আৰক্ষীয়ে যোৱা সময় চোৱাত নকল সোণ চক্ৰ ধৰিবলৈ চেষ্টা কৰি আহিছে যদিও চক্ৰটো উৎখাত কৰাত ব্যৰ্থ হৈছে।

লগতে পঢ়ক- ৰূপহীহাটত ড্ৰাগছ মাফিয়াৰ দৌৰাত্ম

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply