দক্ষিণ কামৰূপৰ সোণতলীত ৯৫৭ কাৰ্টন নকল ঔষধ জব্দ কৰিছে ৷ সংখ্যালঘু এলেকাৰ ফাৰ্মাচীয়ে-ফাৰ্মাচীয়ে বৰ্তমান ভৰি পৰিছে এই নকল ঔষধ সমূহ। এই কাৰ্য দীৰ্ঘ দিনৰ পৰা চলাই আহিছিল দিল্লীৰ দুই প্ৰৱঞ্চকে৷

প্ৰৱঞ্চক দুটাই সংখ্যালঘু অধ্যুষিত এলেকাত পাতিছে নকল ঔষধৰ মেলা৷ প্ৰকৃত কোম্পানীৰ ট্ৰেড মাৰ্ক জালিয়াতি কৰি হুবহু নকল ঔষধ প্ৰস্তুত কৰি দীৰ্ঘদিনে মানৱ দেহাক লৈ হেতালি খেলিছে এই দুজন মহাপ্ৰৱঞ্চকে৷

দিল্লীৰ অমিত কুমাৰ শৰ্মা আৰু অঞ্জুমা কুমাৰ শৰ্মা নামৰ দুই প্ৰৱঞ্চকে দক্ষিণ কামৰূপৰ সোণতলীৰ মাহতলী বজাৰত নকল ঔষধৰ ভাণ্ডাৰ গঢ়ি তুলিছিল৷
বৰ্তমান সময়ত সংখ্যালঘু অধ্যুষিত এলেকাৰ প্ৰতিটো ফাৰ্মাচীতেই উভৈনদী হৈ পৰিছে নকল ঔষধ৷

কলকতাৰ ডাঃ বিশ্বাস নামৰ ঔষধ কোম্পানীৰ দ্বাৰা তৈয়াৰ হোৱা ঔষধসমূহক ট্ৰেডমাৰ্ক নকল কৰাৰ অভিযোগ ডাঃ বিশ্বাস কোম্পানী কৰ্তৃপক্ষৰ৷

পলাতক নকল ঔষধ প্ৰস্তুত কাৰী

এই সন্দৰ্ভত কলকতাৰ ডাঃ বিশ্বাস ঔষধ কোম্পানীৰ অধিবক্তাই ২৮ ফেব্ৰুৱাৰীত বকো থানাত এই দুজন প্ৰৱঞ্চকৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ৷

এজাহাৰৰ ভিত্তিত বকো-সোণতলী আৰক্ষী আৰু ছমৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই নকল ঔষধ প্ৰস্তুত কৰি সোণতলীত গোপনে মজুত কৰি ৰখা গুদাম ঘৰ দুটাত অভিযান চলাই জব্দ কৰে বহু পৰিমানৰ ঔষধ ।

অভিযানত ডাঃ বিশ্বাস কোম্পানীৰ ঔষধ হুবহু নকল কৰি মজুত কৰি ৰখা গুদাম ঘৰ দুখন ছীল কৰে৷ গুদামটোত মুঠ ৯৫৭ কাৰ্টন নকল ঔষধ উদ্ধাৰ হোৱা বুলি আৰক্ষীসূত্ৰে প্ৰকাশ৷

অৱশ্যে নকল ঔষধ প্ৰস্তুতকাৰী দুই দিল্লীৱালা প্ৰৱঞ্চকক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে৷

আৰক্ষীয়ে অভিযান চলোৱাৰ উমান পাই সোণতলীৰ পৰা পলায়ন কৰিছে দিল্লীৱালা প্ৰৱঞ্চক দুজন।

লগতে পঢ়ক- মণিপুৰত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply